কেৰালাৰ ৱায়ানাড়ত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১১৬ জনলৈ বৃদ্ধি পাইছে। ধাৰাসাৰ বৃষ্টিপাতে উদ্ধাৰ অভিযানতো ব্যাঘাত জন্মাইছে। বৰষুণ নকমিলে ভূমিস্খলনত আগন্তুক কেইবাঘণ্টাত পৰিস্থিতি আৰু অধিক বেয়ালৈ ঢাল খাব পাৰে। ইতিমধ্যে উদ্ধাৰ অভিযানত নামি পৰিছে ভাৰতীয় সেনাবাহিনী। একে সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ ৱায়ানাড়সহ কেইবাখনো জিলাত আগন্তুক ঘণ্টাত মূষলধাৰ আৰু প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰে’ড এলাৰ্ট।
বুধবাৰে ভূমিস্খলনৰ কবলত পৰা ৱায়ানাড়লৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। কিন্তু প্ৰতিকূল বতৰৰ বাবে বুধবাৰে তেওঁলোকৰ ভ্ৰমণসূচী সাময়িকভাৱে বাতিল কৰিছে। সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে পোষ্ট কৰি কয় যে প্ৰবল বৃষ্টিপাতৰ বাবে আকাশীপথেৰে ৱায়ানাড়ত উপস্থিত হোৱাতো সম্ভৱ নহ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা তেওঁক জনোৱা হৈছে। সেয়েহে তেওঁলোকে বুধবাৰৰ ভ্ৰমণসূচী বাতিল কৰিছে। বতৰ পৰিস্থিতি কিছু উন্নত হ’লেই তেওঁলোক গৈ ৱায়ানাড়ত উপস্থিত হ’ব বুলি জানিবলৈ দিছে ৰাহুল গান্ধীয়ে।
ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, আগন্তুক ২৪ ঘণ্টাত ৱায়ানাড়সহ উত্তৰ কেৰালাৰ সকলো জিলাতে অতি প্ৰবল বৃষ্টিপাতৰ আশংকা আছে। পৰিস্থিতি আৰু অধিক শোচনীয় হোৱাৰ আশংকাত সেনাবাহিনীৰ অতিৰিক্ত দল তিৰুৱন্তপুৰমত সাজু কৰি ৰখা হৈছে। ইতিমধ্যে, ৱায়ানাড়ত ভাৰতীয় সেনাবাহিনীৰ ২২৫ জনীয়া এটি দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিবলৈ ইতিমধ্যে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। অতি জৰুৰী নহ’লে ৱায়ানাড় ভ্ৰমণ নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী বিজয়নে। মুখ্যমন্ত্ৰী বিজয়নে জনোৱা অনুসৰি, উদ্ধাৰকাৰ্য ক্ষিপ্ৰতাৰে শেষ কৰাক অগ্ৰাধিকাৰ দিছে প্ৰশাসনে। ৱায়ানাড়ৰ বিপৰ্যয়ৰ বাবে কেৰালাত দুদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। আনহাতে, কেৰালা চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।