তেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল লাভলীনা। এদিন দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখনত বক্সাৰ মহম্মদ আলীৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ এটা আছিল। সেই প্ৰবন্ধটো দেউতাকে লাভলীনাক পঢ়িবলৈ দিছিল। লাভলীনাই সেই প্ৰবন্ধটো পঢ়ি মহম্মদ আলীৰ বিষয়ে জনাৰ লগতে বক্সিঙৰ প্ৰতিও আকৰ্ষিত হয়। সেয়া আছিল আৰম্ভণি।
কণমানি লাভলীনাই হাতত তুলি লৈছিল গ্ল’ভছ। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনত প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে লাভলীনা। তাৰ পিছত ২০১২ চনৰ পৰা তেওঁ লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে প্ৰশিক্ষণ দিয়ে লাভলীনাক। ষষ্ঠ শ্ৰেণীৰ সেই কণমানি লাভলীনাৰ পৰা পেৰিছ অলিম্পকলৈ এক বৰ্ণিল যাত্ৰা।
২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বীপত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে লাভলীনা বৰগোঁহায়ে। মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। তাৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰে লাভলীনাই।
২০২০ চনৰ মাৰ্চত জৰ্দানত অনুষ্ঠিত হোৱা এছিয়া আৰু অচেনিয়া অলিম্পিক কোৱালিফিকেচন টুৰ্ণামেণ্টত উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে লাভলীনাই। অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় লাভলীনা। এই খেলখনত লাভলীনাই চীনৰ গু হঙৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিক ২০২০ত ইতিহাস ৰচনা কৰে লাভলীনাই। টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। ছেমি ফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত ৫-০ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দখল কৰে অসম কন্যা লাভলীনাই। ইয়াৰ লগে লগে লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
আজি পেৰিছ অলিম্পিকত অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। নৰৱে’ৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনা। মহিলাৰ ৭৫ কেজি শাখাত ৰিঙত নামিব লাভলীনা। বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু সুনিভাৰ মাজত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন।টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত লাভলীনাই পৰৱৰ্তী অলিম্পিক অৰ্থাৎ পেৰিছ অলিম্পিকত স্বৰ্ণপদকৰ লক্ষ্যৰে যুঁজিব বুলি উল্লেখ কৰিছিল। সকলোৱে সেয়াই আশা কৰিছে। লাভলীনাই এইবাৰ দেশলৈ স্বৰ্ণপদক লৈ আহক। সমগ্ৰ দেশবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে লাভলীনাৰ খেললৈ। লাভলীনালৈ অলেখ শুভকামনা।