Ismail Haniyeh Killed: হামাছৰ মুৰব্বী ইছমাইল হানিয়াক তেহৰানত হত্যা, ৭ অক্টোবৰৰ আক্ৰমণৰ প্ৰতিশোধ ল’লে ইজৰাইলে


 

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ডাঙৰ খবৰ। শত্ৰু হামাছৰ বিৰুদ্ধে ৭ অক্টোবৰৰ আক্ৰমণৰ প্ৰতিশোধ ল’লে ইজৰাইলে। বেঞ্জামিন নেতন্যাহুৰ ইজৰাইলী সেনাই হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰে। খবৰ অনুসৰি, ইৰানৰ ৰাজধানী তেহৰানত মৃত্যু হৈছে ইছমাইল হানিয়াৰ। ইজৰাইলে ইৰানৰ ৰাজধানী তেহৰানত আক্ৰমণ কৰি হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰে। অৱশ্যে কিদৰে তেওঁক হত্যা কৰা হ’ল তাৰ কোনো বিস্তাৰিত তথ্য পোহৰলৈ অহা নাই।


ইৰাণৰ ইছলামিক ৰিভলিউচেনৰী গাৰ্ড কৰ্পছে বুধবাৰে পুৱা ঘোষণা কৰে যে হামাছৰ মুৰব্বী ইছমাইল হানিয়া আৰু তেওঁৰ এজন দেহৰক্ষীৰ তেহৰানত তেওঁৰ বাসগৃহত হোৱা আক্ৰমণত মৃত্যু হৈছে। হামাছৰ মুৰব্বীগৰাকীয়ে ইৰানৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মাছুদ পেজেছাকিয়ানৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে তেহৰানত আছিল। ৩০ জুলাইত শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তেওঁ।

হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰাটো ইজৰাইলৰ বাবে এক ডাঙৰ সফলতা। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত ডাঙৰ আঘাত হানিছিল। সেইদিনাই হামাছে ইজৰাইলৰ ওপৰত মিছাইল আৰু ৰকেটেৰে আক্ৰমণ চলাইছিল, য’ত ইজৰাইলৰ ডজনৰো অধিক লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে ইজৰাইলে যুদ্ধ ঘোষণা কৰিছিল। তেতিয়াৰে পৰা ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ অব্যাহত আচে। হামাছৰ মুৰব্বীগৰাকীক হত্যা কৰি ইজৰাইলে ৭ অক্টোবৰৰ সেই ঘটনাৰ যেন প্ৰতিশোধ ল’লে।

Post a Comment

Previous Post Next Post