ঢকুৱাখনা কাণ্ডৰ তদন্তৰ নামত ভেঁকোভাওনা। আৰক্ষীয়ে সাপ হৈ খুঁটি, বেজ হৈ জৰাৰ অভিযোগ সুনীল গগৈৰ পৰিয়ালৰ। ১ জুনৰ নিশা চাৰে ৮ বজাৰ পৰা নিৰুদ্দেশ হৈ থকা সুনীল গগৈৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। উদ্ধাৰ কৰিব পৰা নাই জাহাংগীৰৰ ছিন্নমুণ্ড। ৰাজ্য কঁপাই যোৱা ঘটনাৰ ৪৫ দিন অতিক্ৰম কৰাৰ পাছতো তদন্তৰ আওতালৈ অনা নাই জে’লৰ ভাত খোৱা জলজীৱন মিচনৰ অভিযন্তা জয়ন্ত গোস্বামীক। আৰক্ষী কিম্বা CID এ জেৰা চলোৱা নাই ফোনযোগে সুনীল গগৈক হত্যাৰ ভাবুকি দিয়া জলজীৱন মিচনৰ একাংশ ঠিকাদাৰক। বিপৰীতে তদন্তৰ নামত সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু পৰিয়ালৰ ওপৰত ধাৰাবাহিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে আৰক্ষী আৰু CID ৰ বিৰুদ্ধে।
DNA ৰিপোৰ্ট অহাৰ পাছতে সুনীল গগৈক জাহাংগীৰৰ হত্যাকাৰী সজোৱা আৰক্ষীয়ে এতিয়া পৰিয়ালটোকে প্ৰাণে মৰাৰ আশংকা পুত্ৰ সৌৰভ গগৈৰ। ঢকুৱাখনা আৰু লখিমপুৰ থানাত হাজিৰা দিওতে দিওতে পঢ়াশুনা ৰসাতলে গৈছে সৌৰভৰ। আনফালে সুনীল গগৈ নিৰুদ্দেশ হৈ থকাত টকা-পইচাৰ ভীষণ অভাৱত ভূগিছে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ পৰিয়ালটো। এনে দুৰৱস্থাত পিতৃ দোষী হ’লে বিচাৰি উলিয়াই শাস্তি বিহি পৰিয়ালটোক ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান সুনীল গগৈৰ অসহায় পুত্ৰৰ।
ঢকুৱাখনা কাণ্ডত তদন্তত বাৰে বাৰে স্থিতি সলাইছে আৰক্ষী আৰু CID ৰ দলে। ২ জুনৰ পুৱতি নিশা জলন্ত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পাছত আৰক্ষীয়ে চমজাই দিছিল সুনীল গগৈৰ পৰিয়ালৰ হাতত। DNA পৰীক্ষাৰ প্ৰতিবেদন হাতত পৰাৰ পাছতে ওলোটা খৰ মাৰিছিল লখিমপুৰ আৰক্ষীয়ে। সৌ সিদিনা সাপতীয়া গাঁৱৰ ঘৰলৈ গৈ সুনীল গগৈ জীয়াই থকা বুলি দাবী কৰিলে CIDৰ DIG সংযুক্তা পৰাশৰে।
.jpg)