ৰাজ্যৰ অপৰাধ জগতৰ এখন অন্যতম অপৰাধ নগৰী হৈছে গুৱাহাটী মহানগৰী। যিখন গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাই আৰক্ষীৰ টহল, উচ্চপদস্থ বিষয়া, মন্ত্ৰী-এম এল এৰ চলাচল পৰিলক্ষিত হয়। সেইখন মহানগৰীত নিতৌ ইটোৰ পিছত সিটো সাধাৰণৰ পৰা অসাধাৰণ ঘটনা সংঘটিত হয়। চুৰি কাৰ্যৰ পৰা আৰম্ভ কৰি নৃশংস হত্যাকাণ্ডলৈকে, বুকু কঁপাই যোৱা ঘটনা সংঘটিত হয় এইখন গুৱাহাটী মহানগৰীত। মুঠতে, অপৰাধজনিত ঘটনাত শীৰ্ষস্থানত গুৱাহাটী মহানগৰ।
এই গুৱাহাটী মহানগৰত কিছু সময়ত হত্যা-হিংসাৰ উপৰিও এনে কিছুমান ঘটনা পৰিলক্ষিত হয়, যিবোৰ ঘটনাই বিমোৰত পেলাই সাধাৰণ জনতাক। ঠিক তেনে এক ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে এটা SBIৰ শাখাত।
ঘটনা অনুসৰি, ৰাজ্যৰ এগৰাকী প্ৰাক্তন DIGৰ SBIৰ একাউণ্টত হাত দিলে খোদ বেংকৰ মেনেজাৰে। আঁচৰিত যেন লাগিলেও এই ঘটনা সত্য। কিয়নো, ভৱধৰ দত্ত নামৰ প্ৰাক্তন ডি আই জিগৰাকীৰ এটা ব্যক্তিগত একাউণ্ট আছিল কামৰূপ মহানগৰীৰ বৰবাৰী শাখাত। কিন্তু, বিগত বৰ্ষত এই শাখাত মেনেজাৰ হিচাপে আছিল গুলেনুৰ হুছেইন নামৰ এজন বিষয়া। যিগৰাকী বিষয়াই প্ৰাক্তন ডি আই জিগৰাকীৰ ব্যক্তিগত একাউণ্টৰ পৰা ১,২,৩ লাখ টকা নহয়, বৰঞ্চ একেলগে ২৬ লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰে। এই ঘটনা প্ৰাক্তন DIG ভৱধৰ দত্তৰ দৃষ্টিগোচৰ হোৱাত কাষ চাপে আৰক্ষীৰ। আৰু তাৰ পিছতেই মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
প্ৰথম পৰ্যায়ত এই ঘটনাৰ ৰহস্য ফাদিল হোৱা নাছিল যদিও শেহতীয়াকৈ পোহৰলৈ আহিল উৰহী গছৰ ওৰ। আৰু বৰ্তমান বৰবাৰীৰ পৰিৱৰ্তে দিছপুৰ SBI শাখাত উপ-প্ৰবন্ধক হিচাপে দায়িত্ব পালন কৰি আছিল প্ৰৱঞ্চক গুলেনুৰ হুছেইনে। কিন্তু, আৰক্ষীৰ চকুত ধুলি দি সাৰি যাব বিচৰা গুলেনুৰৰ ক’লা অধ্যায় আৰক্ষীৰ তদন্তত পোহৰলৈ অহাত শনিবাৰে জালিয়াতিৰে ২৬ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে আটক কৰে বেংক বিষয়াগৰাকীক।
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া সাতগাঁৱৰ ‘ছাইন হেভেন এপাৰ্টমেণ্ট’ৰ নিজা ফ্লেটৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে গুলেনুৰ হুছেইনক। শনিবাৰে সন্ধিয়া আটক কৰি আনি দিছপুৰ আৰক্ষী থানাত জেৰা চলাই বেংক বিষয়াগৰাকীক। আৰু জেৰাৰ অন্তত ভুল স্বীকাৰ কৰিবলৈ বাধ্য হয় বেংক বিষয়া তথা প্ৰৱঞ্চক গুলেনুৰ হুছেইনে।
জালিয়াতিৰ জৰিয়তে মেনেজাৰ হিচাপে থাকি বেংকৰ পৰাই চলোৱা এই লুটপাতৰ ঘটনাত গুলেনুৰে কৰিছিল প্ৰি-প্লেন। নিজৰ মোবাইলৰ সকলো SIM CARD বিকল কৰি অন্য এগৰাকী লোকৰ নামত এটা Sim লৈ সমগ্ৰ ধন লুটৰ পৰিকল্পনা কৰিছিল গুলেনুৰে। আৰু সেই নম্বৰটোত SBI বেংকৰ নিজা মোবাইল এপ “Yono"ৰ জৰিয়তে সৰকাইছিল ২৬ লাখ টকা। কিন্তু, যিমানেই মাষ্টাৰ প্লেন নকৰক কিয়, সেই প্লেন নৰজিল গুলেনুৰৰ। ফলত, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ আচল ৰহস্য। আৰু এই ৰহস্য ফাদিল হোৱাৰ পিছতেই আৰক্ষীৰ জালত প্ৰৱঞ্চক গুলেনুৰ।
শনিবাৰে সন্ধিয়া আটক কৰি দিছপুৰ আৰক্ষী থানাত জেৰা চলোৱাৰ অন্তত দেওবাৰে বিয়লি মুখ্য ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় প্ৰৱঞ্চক বেংক বিষয়া গুলেনুৰক। আৰু আদালতত হাজিৰ কৰোৱাৰ অন্তত ৫ দিনৰ বাবে দিছপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে গুলেনুৰক। অৰ্থাৎ বৰ্তমান দিছপুৰ আৰক্ষীৰ জিম্মাত প্ৰৱঞ্চক তথা বেংক বিষয়া গুলেনুৰ হুছেইন।
.jpg)