Argentina Copa America Champion: ১২০ মিনিটৰ ৰুদ্ধশ্বাস যুঁজ, মাৰ্টিনেজৰ গ'লত কোপা আমেৰিকা জয় মেছিৰ আৰ্জেণ্টিনাৰ



 ১২০ মিনিটৰ এখন ৰুদ্ধশ্বাস যুঁজ। মেছি-ডি মাৰিয়াৰ চকুত চকুলো, কলম্বিয়াৰ সৈতে আৰ্জেণ্টিনাৰ তুমুল যুঁজ, অৱশেষত লাউতাৰো মাৰ্টিনেজৰ মেচ বিজয়ী গ’ল। চৰম উত্তেজনাপূৰ্ণ কোপা আমেৰিকা ২০২৪-ৰ ফাইনেল। মাৰ্টিনেজৰ গ’লত একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকে জিকিলে আৰ্জেণ্টিনাই। আঘাত পোৱাৰ পিছত খেলপথাৰ ত্যাগ কৰিলেও মেছিয়ে বহি বহি বাহিৰৰ পৰাই খেল উপভোগ কৰি দেখিলে যে তেওঁৰ অবিহনেও যুঁজ দিবলৈ সাজু দল। আনহাতে, নীলা-বগাত নিজৰ শেষৰ মেচখনত চেম্পিয়ন হৈ স্মৰণীয় কৰিলে এঞ্জেল ডি মাৰিয়া। একেলেথাৰিয়ে চাৰিটাকৈ আন্তৰ্জাতিক ট্ৰফী জিকি ইতিহাসত নিজৰ নাম খোদিত কৰিলে মেছিয়ে। একে সময়তে আৰ্জেণ্টিনাই উৰুগুৱেক অতিক্ৰম কৰি সৰ্বাধিক ১৬ বাৰ কোপা জয় কৰি নজিৰ গঢ়িলে।


সোমবাৰৰ দিনটোত ফ্ল’ৰিডাৰ মিয়ামী গাৰ্ডেনৰ হাৰ্ড ৰক ষ্টেডিয়ামত অনুষ্ঠিত হয় কোপা আমেৰিকাৰ ফাইনেল খেলখন। টিকট অবিহনে যথেষ্ট লোক খেলপথাৰৰ বাহিৰত উপস্থিত হোৱাৰ বাবে কিছু বিশৃংখলতাৰ সৃষ্টি হয়। কিন্তু প্ৰথমাৰ্ধত খেলখন আৰ্জেণ্টিনাতকৈ কলম্বিয়াৰ হাততহে আছিল। বহুবাৰ আক্ৰমণাত্মক চেষ্টা কৰিছিল যদিও গ’ল দিয়াত সফল হোৱা নাছিল কলম্বিয়া। অৱশ্যে আৰ্জেণ্টিনয়ো কেইবাবাৰো আক্ৰমণৰ চেষ্টা কৰিছিল। খেল আৰম্ভ হোৱাৰ ৩৫ মিনিট পিছতেই আঘাতপ্ৰাপ্ত হয় মেছি। চিকিৎস কৰি খেলি থাকিলেও বুজা গৈছিল যে তেওঁ যথেষ্ট অসুবিধাত আছিল। মেচৰ প্ৰথমাৰ্ধত কোনো দলেই গ’ল দিবলৈ সক্ষম নহ’ল।দ্বিতীয়াৰ্ধত বহু বেছি আক্ৰমণাত্মক খেলাৰ চেষ্টা কৰিছিল কলম্বিয়াই। সঘনাই টাফ ট্যেকেল আৰু ফাউল কৰিছিল। একে সময়তে চলিছিল প্ৰতি আক্ৰমণ। আমোদজনক হৈ পৰিছিল খেলখন। খেল চলি থকাৰ ৬৬ মিনিটত পুনৰ সেই স্থানতে আঘাত পাই মেছিয়ে। তাৰপিছত আৰু খেলিবলৈ সক্ষম নহ’ল মেছি। খেলপথাৰ এৰি কান্দি উঠিছিল মেছিয়ে। শেষৰ ১০ মিনিটত যথেষ্ট আক্ৰমণ কৰিছিল যদিও গ’ল কৰিবলৈ সক্ষম হোৱা নাছিল আৰ্জেণ্টিনা। খেলৰ নিৰ্ধাৰিত ৯০ মিনিটত কোনো দলেই গ’ল দিবলৈ সক্ষম নহ’ল। তাৰপিছত পুনৰ ৩০ মিনিট সময় বঢ়াই দিয়া হয়।

Post a Comment

Previous Post Next Post