Guwahati Crime News: ঘৰত পাৰ্টি কৰিব বুলি কৈ যোৱা ৰঘুবেন্দ্ৰৰ মৃত শৰীৰ উদ্ধাৰ হৈছিল বস্তাত!

 


কেঁচু খান্দোতে আকৌ ওলাইছে সাপ। বস্তাৰ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হোৱা এটা মৃতদেহৰ তদন্ত কৰি জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু বিস্ফোৰক আৰু ভয়ংকৰ তথ্য। জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহানগৰীৰ মালিগাঁৱত চলা এখন অনৈতিক কাৰ্য-কলাপৰ বহু শিহৰণকাৰী তথ্য।

অৱশেষত ফাদিল হ’ল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ বহু ৰহস্য। ৰঘু হত্যাৰ আঁৰত আছে বহু বিস্ফোৰক তথ্য। ৰাজা দেৱ ৰয়ৰ পৰিয়ালে হত্যা কৰিছিৰ উত্তৰ প্ৰদেশৰ ব্যৱসায়ী ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক। ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক হত্যা কৰি বস্তাত সোমাই খিৰিকী দি দিছিল পেলাই। কিন্তু জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু বহু বিস্ফোৰক তথ্য।

মালিগাঁৱৰ সেই অঞ্চলত দীৰ্ঘদিন ধৰি জনৈক বাই নামৰ এগৰাকী মুকবধিৰ মহিলাই চলাই গৈছিল অনৈতিক কাৰ্যকলাপ। এই অনৈতিক কাৰ্যকলাপত মূল অভিযুক্ত ৰাজা দেৱ ৰয়ৰ ভনীয়েকক ব্যৱহাৰ কৰিছিল মুকবধিৰ মহিলাগৰাকীয়ে। খবৰ অনুসৰি প্ৰায়ে ৰাজা দেৱ ৰয় আৰু মুকবধিৰ মহিলাগৰাকীৰ ঘৰত আহিছিল উত্তৰ প্ৰদেশৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা। ৮ জুলাইতো ৰাজা দেৱ ৰয়ৰ ঘৰলৈ আছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা। কিন্তু নিশা ৰাজা দেৱ ৰয়ৰ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা। আৰু সেই কাজিয়াথলীতে মূৰত আঘাত কৰিছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক। ৰাজাই হাতুৰীৰে মাৰ শোধাইছিল ৰঘুবেন্দ্ৰক। ৰাজাৰ ঘৰতে প্ৰাণ বায়ু উৰি গৈছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ।

কেৱল ইমানেই নহয় মৃতদেহ বস্তাত লৈ যাওঁতে সহায় কৰিছিল মুকবধিৰ মহিলাগৰাকীৰ নাবালিকা কন্যায়েও। এই পৰ্যন্ত মুঠ ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে। এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা ২ অভিযুক্ত নাবালিকা।

উল্লেখ্য যে ৮ তাৰিখে ঘৰত পাৰ্টি থকা বুলি কৈ ওলাই আহিছিল ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা। কিন্তু ঘৰৰ পৰা পাৰ্টি কৰিম ওলাই যোৱা ৰঘুবেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল কামাখ্যা ষ্টেশ্যনৰ পাৰ্চেল বান্ধি থোৱা বস্তাত। পাৰ্চেল বন্ধা বস্তাত আৰক্ষীয়ে উলংঘ অৱস্থাত উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰ মৃতদেহ। হত্যা কৰি ৰঘুবেন্দ্ৰ দাড়িও কাটি দিছিল হত্যাকাৰীয়ে। কেৱল এয়াই নহয় ৰঘুবেন্দ্ৰ চকুও উলিয়াই পেলাইছিল চকু।

Post a Comment

Previous Post Next Post