Junu Baruah Passes Away: ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’ৰ পৰা মঞ্চ অভিনয়লৈ...


 

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃসংবাদ। মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান৷ অসমীয়া কথাছবি ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’কে ধৰি ১৫ খনৰো অধিক ছবিত অভিনয় কৰিছিল৷ জুনু বৰুৱাই বহুকেইখন নাটক আৰু দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছিল৷

বাৰ্ধক্যজনিত কাৰণত আজি শেষ নিশ্বাস ত্যাগ কৰে জুনু বৰুৱাই। মৃত্যুৰ পূৰ্বলৈকে বান থিয়েটাৰৰ উপঃসভাপতি পদত অধিস্থিত আছিল জুনু বৰুৱা৷ তেজপুৰ ঊষানগৰ নিবাসী জুনু বৰুৱাৰ মৃত্যুত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত জুনু বৰুৱাৰ বয়স আছিল ৭৬ বছৰ৷

১৯৬৯ চনত মুক্তি লাভ কৰিছিল ডঃ বেজবৰুৱা ছবিখনে। অসমীয়া ছবিজগত অন্যতম জনপ্ৰিয় ছবিৰূপে পৰিগণিত হৈছিল ডঃ বেজবৰুৱা। নিপন গোস্বামী, বজ্ৰেন বৰুৱা, বিজ ফুকনৰ দুৰ্দান্ত অভিনয় এতিয়া অসমীয়া ছবিপ্ৰেমী মাজত সাজ বহি আছে। আনহাতে জুনু বৰুৱাই অভিনয় কৰা ১৯৭৯ চনত মুক্তি লাভ কৰিছিল জনছ মহলীয়াই পৰিচালন কৰা ‘দূৰণীৰ ৰঙ’ ছবিখনে। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, বিজু ফুকন, অৰুণ নাথ আদি শিল্পীয়ে। জুনু বৰুৱাৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি।

Post a Comment

Previous Post Next Post