Anant Ambani-Radhika Merchant Wedding: অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিবাহক লৈ উখল-মাখল মায়ানগৰী মুম্বাই!


 

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বিয়া। বিশ্বজুৰি চৰ্চা লাভ কৰিছে এই বিবাহে। এই বিবাহত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু বৰিছ জনছন মুম্বাইত উপস্থিত হৈছে। আজি জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ।

আগতীয়াকৈ অহাসকলৰ ভিতৰত আমেৰিকাৰ ৰিয়েলিটি টিভিৰ আইকন কিম আৰু ক্ল’ কাৰ্দাছিয়ান। বৃহস্পতিবাৰে নিশা মুম্বাইৰ এটা ব্যক্তিগত বিমানবন্দৰত দেখা গৈছিল কিম আৰু ক্ল’ কাৰ্দাছিয়ানক। চেমচাঙৰ চিইঅ’ হান জং হীয়েও মুম্বাইত উপস্থিত হৈছে। আজিৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহিছে।

কালিনা বিমানবন্দৰত বৰিছ জনছনে আকৰ্ষণীয় প্ৰৱেশ কৰিছিল। প্ৰিণ্টেড চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি গাড়ীত উঠি যোৱাৰ আগতে তেওঁ ফটোগ্ৰাফাৰসকলক হাত জোকাৰিছিলে বৰিছ জনছনে। হান জং হীকো একেদৰেই দেখা গৈছিল। অনন্ত আম্বানীৰ বিয়াত উপস্থিত হৈছে ষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব বান কি-মুন তেওঁৰ পত্নী য়ু ছুন-টাইক।ভৱিষ্যতবাদী পিটাৰ ডায়েমাণ্ডিছ, শিল্পী জেফ কুনছ, Self-Help Guru জে শ্বেট্টি, আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী জন কেৰী আৰু কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ সকলোৱে এই বিবাহত যোগদানৰ সম্ভাৱনা আছে। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ’ব এই বিবাহ।

Post a Comment

Previous Post Next Post