মৰ্মান্তিক! এটি মৃতদেহ সৎকাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে ৪জনকৈ লোকে। গোৱালপাৰা জিলাৰ শিমলীতোলাত এতিয়া শোকৰ বন্যা। অঞ্জনা সৰকাৰ নামৰ মহিলাগৰাকীৰ সৎকাৰ কৰিবলৈ গৈ ৪জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি ল’লে। গোৱালপাৰাৰ শিমলীতোলা ৰাজহুৱা শ্মশান ঘাটত বৃহস্পতিবাৰে সংঘটিত হয় শোকাৱহ নাও দুৰ্ঘটনা। অঞ্জনা সৰকাৰ নামৰ মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰি ঘৰলৈ উভতি আহি থাকোতেই নদীৰ বুকুত ডুব গৈছিল নাওখন। বৃহস্পতিবাৰে ৩জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও আজি সন্ধানহীন হৈ আছিল দুজনকৈ লোক।
আজি পুৱা আন এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে অভিযানকাৰী দলে। বৃহস্পতিবাৰে উদ্ধাৰ কৰিছিল মনজিত সাহা, জিত কৰ্মকাৰ আৰু সুজন মালাকাৰ মৃতদেহ। আনহাতে আজি পুৱা অভিযানকাৰীৰ দলে উদ্ধাৰ কৰে গৌৰাঙ্গ মালাকাৰৰ মৃতদেহ।
উল্লেখ্য যে এতিয়াও সন্ধানহীন হৈ আছে মৃত অঞ্জনা সৰকাৰৰ স্বামী উদয় সৰকাৰ। জানিব পৰা ম’তে প্ৰায় ২৬জনকৈ লোকে মৃতদেহ সৎকাৰ কৰি টুলুঙা নাৱৰে ঘৰলৈ উভতি আহি আছিল। তেতিয়াই নৈৰ বাঢ়নী পানীৰ কোৱাল সোতত সংঘটিত হয় এই শোকাৱহ ঘটনা।
.jpg)