Guwahati Crime News: গুৱাহাটীত উত্তৰ প্ৰদেশৰ ব্যৱসায়ীক হত্যা! আৰক্ষীয়ে সোধাপোছা কৰা কোন এই ‘ৰহস্যময়ী’ মহিলা আৰু যুৱতী?



 মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ ব্যৱসায়ীক নৃশংস হত্যা মহানগৰীৰ মালিগাঁৱত। তিনিদিন পূৰ্বেই ৰঘুবেন্দ্ৰ গুপ্তাক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কামাখ্যা জংচনৰ সমীপতে উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহ। এটা বস্তাত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহটো। বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহ।

কিমান নৃশংস আছিল এই হত্যাকাণ্ড?
উদ্ধাৰ হোৱা মৃতদেহ অৱস্থিতিৰ কথা জানিলে চকু কঁপালত উঠিব আপোনাৰ। হত্যাৰ পাছত হত্যকাৰীয়ে চকু উলিয়াই দিছিল ৰঘুবেন্দ্ৰ গুপ্তাৰ শৰীৰ পৰা। ৰঘুবেন্দ্ৰ গুপ্তাক উলংগ কৰি মৃতদেহ ভৰাইছিল পাৰ্চেল অনা বেগত ভৰাই থৈছিল। কেৱল এয়াই নহয় মৃতদেহ চিনি নাপাবলৈ দাড়ি কাটি দিছিল হত্যাকাৰীয়ে।

শেহতীয়া তথ্য অনুসৰি কামাখ্য জংচনৰ পৰাই নাইকিয়া হৈছিল ৰঘুবেন্দ্ৰ গুপ্তা। কামাখ্যা জংচনৰ CCTV ভিজুৱেলত ধৰা পৰিছে ৰঘুবেন্দ্ৰৰ উপস্থিতি। হত্যাৰ বলি হোৱাৰ দিনা কামাখ্যা জংচনলৈ গৈছিল ৰঘুবেন্দ্ৰ গুপ্তা। CCTVৰ দৃশ্যত স্কুটী লৈ অহা দেখা পোৱা গৈছিল ৰঘুবেন্দ্ৰ গুপ্তাক।

Post a Comment

Previous Post Next Post