দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত ডাঙৰ সকাহ পাইছে অৰবিন্দ কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে এই বিষয়টো ৩ জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছিল অৰবিন্দ কেজৰিৱালে। ইডিয়ে যোৱা ২১ মাৰ্চত ধন সৰবৰাহৰ গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল।
দৰাচলতে অৰবিন্দ কেজৰিৱালে দিল্লী আবকাৰী নীতিৰ গোচৰত উচ্চতম ন্যায়ালয়ত ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছিল। এই সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। অৰবিন্দ কেজৰিৱালৰ আবেদন সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সময়ত আদালতত উপস্থিত আছিল জাৰিৱালৰ অধিবক্তা অভিষেক মনু সিংৱী আৰু ইডিৰ অধিবক্তা এছ জি তুষাৰ মেহতা। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে তিনিটা প্ৰশ্নৰ সিদ্ধান্ত লয়। অৱশ্যে উচ্চতম ন্যায়ালয়ে গোচৰটো বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে ২১ মাৰ্চত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল EDএ। সিদিনাই অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈছিল ED (Enforcement Directorate)। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত উপস্থিত হৈছিল প্ৰায় ৬ৰ পৰা ৮জন ED বিষয়া। ৯ বাৰকৈ EDয়ে চমন জাৰি কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰতিবাৰে EDৰ চমন অগ্ৰাহ্য কৰিছিল কেজৰিৱালে। দিল্লীৰ সুৰা নীতি সন্দৰ্ভত জাৰি কৰিছিল চমন।
.jpg)