লাখ-লাখ টকা দৰমহা, তথাপিও এৰিছে চাকৰি! ৰাজ্যত কিহৰ বাবে চৰকাৰী চিকিৎসকে এৰিছে চাকৰি?

 


ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰতি অনিহা জন্মিছে চৰকাৰী চিকিৎসকৰ ৷ চৰকাৰী স্বাস্থ্য খণ্ডত কাম কৰিব নিবিচাৰে চৰকাৰী চিকিৎসকে ৷ চৰকাৰী স্বাস্থ্য খণ্ডৰ পৰা নিতৌ স্বেচ্চামূলক অৱসৰ বিচাৰিছে চৰকাৰী চিকিৎসকে৷ শেহতীয়া তিনি বছৰত ৰাজ্যৰ ৬৪গৰাকী চিকিৎসকৰ অব্যাহতি পত্ৰ৷ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এয়া এক ভয়ংকৰ তথ্য ৷ মাথোন শেহতীয়া তিনি বছৰতে ৰাজ্যৰ বিভিন্ন হাস্পতালৰ সৰ্বমুঠ ৬৪ গৰাকী চিকিৎসকে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে৷

তালিকাত আছে স্বাস্থ্য বিভাগৰ বিভিন্ন বিভাগৰ সহকাৰী- সহযোগী, অধ্যাপক তথা মূৰব্বী বিভাগৰ চিকিৎসক৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডত কোনো কাৰণতে এইসকল চিকিৎসকে কৰিব নিবিচাৰে কাম ৷ যাৰবাবে স্বেচ্চামূলক অৱসৰ পত্ৰ চৰকাৰী চিকিৎসকৰ ৷ তালিকাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসক, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩ গৰাকী চিকিৎসক,  অসম চিকিৎসা মহাবিদ্যালয়ৰ ১১ গৰাকী চিকিৎসক স্বেচ্চামূলক চিকিৎসকৰ অৱসৰৰ তালিকাত আছে ৷ শিলচৰ, নলবাৰী, কোকৰাঝাৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ৷

পিছে, ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ পৰা অব্যাহতি বিচৰা এইসকল চিকিৎসকৰ অব্যাহতিৰ লগে লগে ৰাজ্যৰ স্বাস্হ্য খণ্ডত খালী হৈ ৰব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ পদ ৷ পিছে, স্বাস্থ্য বিভাগৰ স্বেচ্চামূলক অৱসৰ বিচৰা এইসকল চিকিৎসকৰ তালিকা সত্য নহয় বুলি দাবী ৰাজ্য স্বাস্থ্য শিক্ষা সঞ্চালক অনুপ বৰ্মনৰ ৷ চৰকাৰী স্বাস্থ্য খণ্ড খালী কৰি কোনো চৰকাৰী চিকিৎসকক অব্যাহতি প্ৰদান কৰা নহয় বুলি স্পষ্ট অনুপ বৰ্মনৰ ৷

Post a Comment

Previous Post Next Post