আজিৰে পৰা জিম্বাবৱেত ৫খনীয়া টি-২০ শৃংখলা খেলিব ভাৰতীয় দলে। ভাৰতীয় দলটোত আছে অসমৰ ৰিয়ান পৰাগো। ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। শুভমন গীলৰ নেতৃত্বত এই শৃংখলা খেলিব ভাৰতীয় দলে। জিম্বাবৱেৰ বিৰুদ্ধে শৃংখলাত দলৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু অভিজ্ঞ তাৰকাক জিৰণি দি সুযোগ দিয়া হৈছে যুৱ খেলুৱৈক। আইপিএলত কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে অসমৰ ৰিয়ান পৰাগেও স্থান লাভ কৰিছে জিম্বাবৱেৰ বিৰুদ্ধে এই শৃংখলাত। সকলোৱে আশা কৰিছে প্ৰথমখন মেচৰ পৰাই মূল একাদশত স্থান লাভ কৰিব ৰিয়ান পৰাগে। জানো আহক ৰিয়ান পৰাগৰ বিষয়ে ১০টা গুৰুত্বপূৰ্ণ কথা।
১. ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসো এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল। তেওঁ অসম, ৰে’লৱে আৰু পূব মণ্ডল ক্ৰিকেটক প্ৰতিনিধিত্ব কৰিছিল। মহেন্দ্ৰ সিং ধোনীৰ সৈতে খড়গপুৰ আৰু গুৱাহাটীত ৰে’লৱেৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৰঞ্জী ট্ৰফীতো ইজনে-সিজনৰ বিৰুদ্ধে খেলিছিল। তেতিয়া ধোনী আছিল বিহাৰ দলত।
২. ৰিয়ান পৰাগৰ মাতৃ মিথু বৰুৱাও এগৰাকী সাঁতোৰবিদ। তেওঁ এছিয়ান চেম্পিয়নশ্বীপ আৰু ছাফ গেমছত ৫০ মিটাৰ ফ্ৰীষ্টাইলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
৩. ২০১৭ চনত ৰিয়ানে আন্তঃৰাজ্যিক টি-২০ টুৰ্ণামেণ্টত অসমৰ হৈ টি-২০ত আত্মপ্ৰকাশ কৰে। ২০১৭ চনৰ ২৯ অক্টোবৰত তেওঁক এচিচি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান দিয়া হয়। ২০১৭-১৮ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ানে অসমৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাস কৰে।
৪. ২০১৭ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা দুখন যুৱ টেষ্টৰ বাবে ভাৰতৰ অনূৰ্ধ্ব-১৯ দলৰ বাবে নিৰ্বাচিত হৈছিল ৰিয়ান পৰাগ। তেওঁ পৃথ্বী শ্ব’ৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ইংলেণ্ডৰ যুৱ টেষ্টত। ৰিয়ানে ৩৩ বলত কৰিছিল অৰ্ধশতক। ২০১৬-১৭ চনৰ কোচবিহাৰ ট্ৰফীত ৰিয়ান পৰাগ আছিল দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ১৯ বছৰ অনূৰ্ধ্বৰ চাৰিদিনীয়া টুৰ্ণামেণ্টখনত ৰিয়ানে ১৪টা ইনিংছত ৬৪২ ৰান কৰাৰ লগতে ২০২ ৰানৰ নটআউটৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিছিল।
৫. ১৯ বছৰ অনূৰ্ধ্বৰ চেলেঞ্জাৰ ট্ৰফীৰ বাবে ২০১৭ চনত ভাৰতীয় এ দলত স্থান লাভ কৰে ৰিয়ানে। সেই প্ৰতিযোগিতাতো সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। ২০১৮ চনত ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে তেওঁ ভাৰতীয় দলত স্থান লাভ কৰে। ২০১৮-১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত অসমৰ হৈ তেওঁ ৭খন খেলত ২৪৮ ৰান সংগ্ৰহ কৰিছিল।
৬. ২০১৮ চনৰ ডিচেম্বৰ মাহত ২০১৯ বৰ্ষৰ আই পি এলৰ বাবে নিলামত ৰাজস্থান ৰয়েলছে ২০ লাখ টকাৰ বেছ প্ৰাইচত ক্ৰয় কৰে ৰিয়ান পৰাগক। ২০১৯ৰ আইপিএলৰ সময়ত তেওঁ আইপিএলৰ ইতিহাসত সৰ্বকনিষ্ঠ অৰ্ধশতক অৰ্জনকাৰী হিচাপে পৰিগণিত হয়। ২০২২ চনত তেওঁ পুনৰ ৰাজস্থানৰ সৈতে চুক্তিবদ্ধ হয়।
৭. ২০২২-২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত অসমৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ৰিয়ান। তিনিটা শতক আৰু এটা অৰ্ধশতকৰ সৈতে ৬৯ গড়ে ৫৫২ ৰান কৰিছিল তেওঁ। এই ছিজনত ৰিয়ানে দখল কৰিছিল ১০টা উইকেটো। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৰিয়ানে ১১৬টা বলত ১৭৪ ৰান কৰিছিল। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ এয়া ৰিয়ানৰ বাবে।
৮. হায়দৰাবাদৰ বিৰুদ্ধে ২০২২-২৩ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ৰিয়ানে দ্বিতীয় ইনিংছত ২৮টা বলত ৭৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৮টা উইকেট দখল কৰিছিল।
৯. ২০২৩ চনৰ দেওধৰ ট্ৰফীত ৰিয়ান পৰাগে ‘প্লেয়াৰ অব দ্য ছিৰিজ’ সন্মান লাভ কৰে। প্ৰতিযোগিতাখনত তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল। লগতে সৰ্বাধিকসংখ্যক ছয় কোবোৱাৰ লগতে তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল। তেওঁ প্ৰতিযোগিতাখনত ৮৮.৫০ গড়ে মুঠ ৩৫৪ ৰান সংগ্ৰহ কৰিছিল। ২০২৩-২৪ বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফীত ৫১০ ৰান সংগ্ৰহ কৰে ৰিয়ানে।
.jpg)