আজিৰে পৰা জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা, প্ৰথমখন মেচত স্থান পাবনে ৰিয়ান পৰাগে


 

আজিৰে পৰা জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা। শুভমন গীলৰ নেতৃত্বত ৫খন টি-২০ মেচ খেলিব টীম ইণ্ডিয়াই। প্ৰথমবাৰলৈ ভাৰতীয় দলক নেতৃত্ব দিব তৰুণ তাৰকা শুভমন গীলে। এই শৃংখলাৰ প্ৰশিক্ষকৰ দায়িত্বত আছে নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণ।

জিম্বাবৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে কেইবাগৰাকীও তাৰকা আৰু অভিজ্ঞ ক্ৰিকেটাৰক জিৰণি দিয়াৰ পৰিৱৰ্তে একাধিক যুৱ তাৰকাক দলত স্থান দিয়া হৈছে। জিম্বাবৱে ভ্ৰমণত টি-২০ বিশ্বকাপ দলৰ মাত্ৰ ৩জন সদস্যকহে দেখা যাব। সঞ্জু ছেমছন, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবে আছে জিম্বাবৱে ভ্ৰমণৰত দলত। বিশ্বকাপৰ ৰিজাৰ্ভ ক্ৰিকেটাৰ ৰিংকু সিং আৰু খলিল আহমেদো আছে জিম্বাবৱেৰ বিৰুদ্ধে খেলিবলগীয়া দলত।

ভাৰত আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হ’ব ৫খন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন খেল দেওবাৰে অনুষ্ঠিত হ’ব। তৃতীয় মেচ অনুষ্ঠিত হ’ব ১০ জুলাইত, চতুৰ্থ মেচ অনুষ্ঠিত হ’ব ১৩ জুলাইত। অৰ্থাৎ একেৰাহে দুখন বেক টু বেক মেচ খেলিব ভাৰতীয় দলে। ভাৰতীয় সময় অনুসৰি বিয়লি ৪:৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব। পাঁচখন খেলৰ টি-২০ শৃংখলাৰ অন্তিমখন খেল ১৪ জুলাইত অনুষ্ঠিত হ’ব। অৰ্থাৎ এসপ্তাহত ৫খন মেচ হ’ব। জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হ’ব আটাইকেইখন মেচ।জিম্বাবৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল : শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড়, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, শিৱম ডুবে, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। অৱশ্যে এতিয়াও ভাৰতীয় দলৰ মূল একাদশ কেনেকুৱা হ’ব সেয়া জানিব পৰা হোৱা নাই।

Post a Comment

Previous Post Next Post