ঘৰত কাজিয়া কৰি ওলাই গৈছিল এগৰাকী যুৱতী আৰু কিশোৰী! গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা নিলে অপহৰণ কৰি


 

মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। গুৱাহাটীৰ পৰা অপহৰণ হোৱা এগৰাকী কিশোৰী, এগৰাকী যুৱতীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। বিহাৰত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ দুয়োগৰাকীকে। ভঙাগড় আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী আৰু যুৱতীগৰাকীক।

২৮ জুনত গুৱাহাটী ষ্টেচনৰ পৰা অপহৰণ হৈছিল কিশোৰী আৰু যুৱতীগৰাকী। জানিব পৰা মতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছিল দুয়োগৰাকী, কিন্তু গুৱাহাটী ষ্টেচনত নাৰী সৰবৰাহকাৰী চক্ৰই ষ্টেচনৰ পৰা অপহৰণ কৰিছিল দুয়োকে। আৰক্ষীয়ে উদ্ধাৰক কৰা দুয়োগৰাকীৰে ঘৰ গুৱাহাটীৰ তৰুণ নগৰত।

ঘটনা সন্দৰ্ভত এগৰাকী মহিলা আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিহাৰৰ পৰা এজন, পশ্চিম বংগৰ পৰা এগৰাকী মহিলা আৰু গুৱাহাটীৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত চাৰি ক্ৰমে ইদ্ৰিছ আলি, চিকন্দৰ আলি, তনৱীৰ আলম আৰু নেচা উপাধি এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি ভঙাগড় থানাত ধৃত অভিযুক্তক কেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।উল্লেখ্য যে মহানগৰীৰ পৰা শেহতীয়াকৈ প্ৰায়ে সুলভ হৈছে কিশোৰী আৰু যুৱতী অপহৰণৰ ঘটনা। ফেব্ৰুৱাৰীত মাহটো তিনিগৰাকীকৈ কিশোৰী পৰিছিল অপহৰণকাৰী কৱলত। পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিশোৰী কেইগৰাকী।

Post a Comment

Previous Post Next Post