টীম ইণ্ডিয়াৰ তৰুণ ক্ৰিকেটাৰৰ দলটোৱে দেওবাৰে জিম্বাবুৱেক ১০০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্ৰথম টী-২০ মেচত পৰাজয়ৰ প্ৰতিশোধ লয়। হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত ভাৰতীয় দলটোৱে জিম্বাবুৱেক বেটিং আৰু বলিং উভয়তে ধৰাশায়ী কৰে। টছত জিকি খেলখনত প্ৰথম বেটিং কৰি ভাৰতে ২৩৪ ৰানৰ বিশাল স্ক’ৰ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জিম্বাবুৱে ১৮.৪ অভাৰত ১৩৪ ৰান সংগ্ৰহ কৰি অল আউট হয়। ৫ মেচৰ শৃংখলাখনত ১-১ পইণ্টেৰে জিম্বাবুৱেৰ সৈতে সমান স্থানত অৱস্থান কৰে টীম ইণ্ডিয়া।
দেওবাৰৰ মেচখনত টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। শুভমন গীলে মাত্ৰ ৪টা বল খেলি ২ ৰানহে সংগ্ৰহ কৰিব পাৰিলে যদিও অভিষেক শৰ্মাই দুধৰ্ষ প্ৰদৰ্শন কৰে। বাওঁহতীয়া যুৱ বেটছমেনগৰাকীয়ে নিজৰ কেৰিয়াৰৰ দ্বিতীয়খন মেচত বিধ্বংসী বেটিংৰে শতক অৰ্জন কৰে। অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰান সংগ্ৰহ কৰে। ইনিংছটোত তেওঁ ৮টা ছয় আৰু ৭টা চাৰি কোবায়। অভিষেক শৰ্মাৰ সৈতে ঋতুৰাজ গাইকৱাদেও চমকপ্ৰদ প্ৰদৰ্শন কৰে। দ্বিতীয় উইকেটৰ বাবে ১৩৭ ৰানৰ অংশীদাৰিত্ব লাভ কৰে যুৱ বেটছমেন দুগৰাকীয়ে।ঋতুৰাজ গাইকৱাদেও অৰ্ধশতক সম্পূৰ্ণ কৰে। তেওঁ ৪৭টা বলত ৭৭ ৰানৰ অপৰাজিত ইনিংছ খেলিবলৈ সক্ষম হয়। ১১টা চাৰি আৰু ১টা ছয় কোবাই ঋতুৰাজে। ইয়াৰ উপৰিও প্ৰথমখন মেচত এটাও ৰান সংগ্ৰহ কৰিব নোৱৰাত হতাশ হৈ পৰিছিল ৰিংকু সিং। দ্বিতীয়খন মেচত ৰিংকুৱে স্লগ অভাৰত নামি যায়। কেকেআৰৰ তাৰকাগৰাকীয়ে ২২টা বলত ৪৮ ৰানৰ চমকপ্ৰদ ইনিংছ খেলিছিল। এই ইনিংছত ৰিংকু সিঙে মুঠ ৫টা ছয় আৰু ২টা চাৰি ৰান কৰে। ২০ অভাৰত ২টা উইকেট হেৰুৱাই ভাৰতে ২৩৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মুকেশ কুমাৰ আৰু আবেশ খানে ৩টাকৈ আৰু ৰবি বিষ্ণোই দুটা উইকেট দখল কৰে। ৱাশ্বিংটন সুন্দৰে এটা উইকেট লয়।
.jpg)