ভয়ংকৰ বাছ দুৰ্ঘটনা! ৭০ গৰাকী যাত্ৰীসহ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল বাছ


 

গুজৰাটৰ বিখ্যাত পৰ্যটনস্থলী সাপুতৰাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। সাপুতৰা ঘাটৰ সমীপৰ দ খাৱৈত বাগৰি পৰিল চুৰাটৰ পৰা অহা এখন বিলাসী বাছ। এই ঘটনাত ইতিমধ্যে দুটি শিশুৰ মৃত্যু হৈছে। অনুমান কৰা হৈছে যে বিলাসী বাছখনত প্ৰায় ৭০ জন যাত্ৰী আছিল। দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সাপুতৰা আৰক্ষী আৰু ১০৮ৰ দলে সেই স্থানত উপস্থিত হয়। আহত লোকসকলক ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে।


ঘটনা অনুসৰি, দেওবাৰে পুৱা পৰ্যটক কঢ়িয়াই চুৰাট চক বজাৰৰ পৰা সাপুতৰা অভিমুখে ৰাওনা হোৱা বাছখন পুনৰ চুৰাট অভিমুখে উভতি আহিছিল। মাজ বাটত অভাৰটেক কৰিব যাওতে সন্মুখৰ পৰা অহা এখন টেম্পো এৰাই চলিবলৈ গৈ বাছ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ পিছতে অনিয়ন্ত্ৰিত বাছখন পথৰ নিৰাপত্তা দেৱালত খুন্দা খাই কাষৰ খাৱৈত বাগৰি পৰে। আহতসকলক চিকিৎসাৰ বাবে নিয়াৰ কাম চলি আছে। সাপুতৰা ভ্ৰমণ কৰি চুৰাটলৈ উভতি আহিছিল পৰ্যটকসকল। এই ঘটনা সংঘটিত হৈছে সাপুতৰা-মালেগাম ৰাষ্ট্ৰীয় ঘাইপথত যি সপুতৰাৰ পৰা ২ কিলোমিটাৰ দূৰত্বত।

Post a Comment

Previous Post Next Post