‘‘দেউতা...দেউতা...’’ এয়াই আছিল শেষ! উন্মুক্ত নলাই ‘বিনাশ’ কৰিলে ‘অবিনাশ’ক!



 ৬০ ঘণ্টাৰ অন্তত অৱশেষত উদ্ধাৰ হ’ল অবিনাশ সৰকাৰৰ মৃতদেহ। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হ’ল কণমানি অবিনাশৰ মৃতদেহ। বৃহস্পতিবাৰৰ নিশাৰে পৰা নলাত উটি গৈছিল অবিনাশ। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল অবিনাশ সৰকাৰ।

উল্লখ্যে যে আজি পুৱা মহানগৰীৰ নলাত উদ্ধাৰ হৈছিল এটি অৰ্ধগলিত মৃতদেহ। এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিছিল SDRF আৰু NDRFৰ অভিযানকাৰীৰ দলে। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হৈছিল এই অৰ্ধগলিত মৃতদেহটো। হাফপেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰা মৃতদেহ এটা উদ্ধাৰ কৰিছিল অভিযানকাৰীৰ দলে।

উল্লেখ্য যে বৃহস্পতিবাৰৰ নিশাৰে পৰা গুৱাহাটীৰ বামুণীমৈদামৰ নলাত সন্ধানহীন হৈ আছিল অবিনাশ সৰকাৰ নামৰ এটি শিশু।  উদ্ধাৰ হোৱাৰ পিছত মৃতদেহটো গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। প্ৰথম অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো অবিনাশ সৰকাৰৰ হয় নে নহয় সেয়া নিশ্চিত হোৱা নাছিল। GMCHৰ মৰ্গত অবিনাশ সৰকাৰৰ পিতৃ-মাতৃ-ককাকে চিনাক্ত কৰে মৃতদেহ।

কি হৈছিল বৃহস্পতিবাৰে নিশা?

বৃহস্পতিবাৰে মুষলধাৰ বৰষুণৰ মাজতে জ্যোতিনগৰত নলাত উটি গৈছিল এটি ৮ বছৰীয়া শিশু। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। স্কুটীৰ পৰা নলাত পৰি উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি। পিতৃৰ সৈতে স্কুটীত আহি থাকোতেই পিছলি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনা।

Post a Comment

Previous Post Next Post