Guinness World Records: মাত্ৰ ৯ ঘণ্টাত এখন ৮৪ পৃষ্ঠাৰ কিতাপ লিখি গীনিজ বুক অৱ ৰেকৰ্ডছত নিজৰ নাম



ৰাজ্যৰ চাৰিওদিশে বান বিভীষিকা। বান বিভীষিকাৰ মাজতে অতি কম সময়ত এখন কিতাপ লিখি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই। হয়, সাধাৰণতে এখন কিতাপ অথবা গ্ৰন্থ লিখোতে কিমান সময় লাগে বাৰু? এমাহ, দুমাহ, ছয় মাহ অথবা এবছৰ। কিন্তু এদিন নহওতেই মাত্ৰ কিছু ঘন্টাত এখন কিতাপ লিখি নিজৰ নাম গীনিজ বুকত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে অসমৰে এগৰাকী মেধাবী ছাত্ৰই। নলবাৰী জিলাৰ বৰভাগৰ আৰঙ্গমৌ গাঁৱৰ দিপুল শৰ্মা আৰু বিভা দেৱীৰ একমাত্ৰ পুত্ৰ তথা নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে মাত্ৰ ৯ ঘন্টাত এখন ৮৪ পৃষ্ঠাৰ কিতাপ লিখি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে, যি খবৰে ৰাজ্যৰ লগতে উৎফুল্লিত কৰি তুলিছে নলবাৰী জিলাত।


নলবাৰী কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যাপে মাত্ৰ ৯ ঘন্টাত “জন্ম, প্ৰেম, মৃত্যু- কিছু বৈজ্ঞানিক কিছু অলৌকিক” নামৰ ৮৪টা পৃষ্ঠাযুক্ত এখন কিতাপ লিখি Guinness World Recordsত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱাত পৰিয়াল বৰ্গতো উঠিছে আনন্দৰ জোৱাৰ। পূৰ্বে ভাৰতবৰ্ষৰে অন্য এখন ৰাজ্যৰ এগৰাকী যুৱতীয়ে তিনিদিনত এখন ৬৩ পৃষ্ঠাৰ কিতাপ লিখিছিল। সেই খবৰ গুগলত পোৱাৰ পিছত এক অনুপ্ৰেৰণা জন্মে নলবাৰীৰ ৰাজদ্বীপ কাশ্যাপৰ মনত। ৰাজদ্বীপে মনতে থিৰাং কৰি চলিত বৰ্ষৰ যোৱা ২৪ মে’ তাৰিখে বিয়লি ০৩:৫৫ বজাৰ পৰা ২৫ মে’ৰ মাজনিশা ০১:০২ বজালৈ ৮৪ পৃষ্ঠাত নিজে লিখি শেষ কৰিছিল “জন্ম প্ৰেম মৃত্যু - কিছু বৈজ্ঞানিক কিছু অলৌকিক” নামৰ কিতাপখন। ইয়াৰ পিছতে এক নতুন ৰেকৰ্ড হিচাপে গঢ়ি উঠে গীনিজ বুকুত ৰাজদ্বীপ কাশ্যাপৰ নাম।

উল্লেখযোগ্য যে ৰাজদ্বীপে কিতাপখন লিখোতে ৯ ঘন্টাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পঠিওৱাটো সহজসাধ্য নাছিল । যাৰ বাবে গীনিজ বুকৰ তৰফৰ পৰা জিলা প্ৰশাসন অথবা কোনো উচ্চ বিষয়াৰ দ্বাৰা তেওঁৰ লিখনি উক্ত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ প্ৰমাণ সন্মতি জনাইছিল। সেইমৰ্মে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰীয়ে ৰাজদ্বীপ কাশ্যপৰ ৯ ঘন্টাত লিখি উলিওৱা কিতাপখন সত্য প্ৰমাণিত কৰি গীনিজ বুক অৱ ৰেকৰ্ডচলৈ পঠিয়াইছিল আৰু তাৰ পিছতে ৪ জুলাই বৃহস্পতিবাৰে গীনিজ বুকত ৰাজদ্বীপৰ নাম সন্নিৱিষ্ট হোৱা বুলি মেইল যোগে প্ৰমাণ পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰাজদ্বীপ কাশ্যাপে উক্ত ৯ ঘন্টাৰ ভিতৰত ৩০ মিনিট সময় আহাৰৰ বাবেও লৈছিল। ৰাজদ্বীপৰ এনে অনুপ্ৰেৰণামূলক খবৰে এতিয়া সমগ্ৰ জিলাখনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাজদ্বীপ কাশ্যপৰ লিখনি সন্মতি হিচাপে পঠিওৱা নলবাৰী কলেজৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰীক ধন্যবাদ জনাই ৰাজদ্বীপ কাশ্যাপে।

Post a Comment

Previous Post Next Post