বানপানীক লৈ ৰাজনীতি কৰিব নাপায়ঃ অখিল গগৈক কিয় ক'লে বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে?

 


সমষ্টিত উপস্থিত হৈয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈক উভতি ধৰিলে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। উল্লেখযোগ্য যে আজিৰ পৰা দুদিন পূৰ্বে বিধায়ক জিতু গোস্বামীয়ে পুত্ৰৰ উপনয়ন থাইলেণ্ডত আয়োজিত কৰাৰ লগতে ডেৰ শতাধিক লোকক ছাৰ্টাৰ্ড বিমানেৰে থাইলেণ্ডলৈ লৈ যোৱাৰ কথাও সংবাদমেলত জনাইছিল। বানাক্ৰান্ত সমষ্টিবাসীৰ বিপদৰ সময়ত জিতু গোস্বামীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ তুলিছিল।

শনিবাৰে নগাঁৱৰ বৰঘাটত জিতু গোস্বামীয়ে অখিল গগৈৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি কয়, “মই Destination Upanayan পতা নাই কিন্তু অখিল গগৈয়ে Destination Flood পাতিছে। সেয়ে শিৱসাগৰৰ বানাক্ৰান্তৰ খবৰ লোৱাৰ সলনি কামপুৰৰ ২৪টা বানাক্ৰান্ত পৰিয়ালৰ খবৰ ল’বলৈ আহিছে। অখিলৰ দৰে এজন বিধায়কে বানপানীক লৈ ৰাজনীতি কৰিব নাপায়। মোৰ দুই পুত্ৰৰ এজন লণ্ডন আৰু আনজন ডেৰাডুনত থাকে। পাটায়া বীচ্চত উপনয়ন পাতিবলৈ যোৱাৰ অপপ্ৰচাৰ চলাই একাংশ সংবাদ মাধ্যমে মোৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ চেষ্টা কৰিছে। অখিল গগৈ হৈছে একবিংশ শতিকাৰ ৰাজনৈতিক জক্কৰ।” উল্লেখযোগ্য যে, বিধায়কগৰাকীয়ে ব্যক্তিগত কামত কম্বোডিয়ালৈ যোৱাৰ কথা উল্লেখ কৰি কয় যে সমষ্টিত বান অহাৰ খবৰ পোৱাৰ লগে লগে তেওঁ ভ্ৰমণসূচী বাতিল কৰি সমষ্টিলৈ ঘূৰি আহিছে।

Post a Comment

Previous Post Next Post