দেউতা দেউতা বুলি দুবাৰকৈ হাত জোকাৰিছিল অবিনাশে, তাৰ পিছতে হেৰাই গৈছিল পানীৰ সোঁতত


 

৩৬ ঘণ্টাৰ পিছতো সন্ধান নোলাল মহানগৰীৰ জ্যোতিনগৰত কৃত্ৰিম বানৰ ফলত নিৰুদ্দিষ্ট হোৱা ৮ বছৰীয়া শিশুটিৰ। বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা। কৃত্ৰিম বানৰ মাজতে স্কুটীৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অবিনাশ।

শুকুৰবাৰে এছ ডি আৰ এফ বাহিনী-প্ৰশাসনে অভিযান চলাইছিল যদিও সন্ধান উলিয়াবলৈ সক্ষম নহ’ল অবিনাশৰ। উদ্ধাৰকাৰী দল উভতি যোৱাৰ পিছতো নলাই নলাই পুত্ৰক বিচাৰি ফুৰিলে পিতৃয়ে। চকুপানী মচি মচি নলাত নামি পুত্ৰৰ সন্ধান কৰা দেখা গ’ল দুৰ্ভগীয়া পিতৃক। এক হৃদয়বিদাৰক দৃশ্য।

পুত্ৰক বিচাৰি নাপাই কান্দি কান্দি ভাগৰি পৰিছে পিতৃ। নিশাও নলাৰ কাষতে কটালে অবিনাশৰ পিতৃ হৰলাল সৰকাৰে। কান্দি কান্দি নলাটোলৈ চাই ওৰেনিশা বহি ৰ’ল পিতৃ। আশা, কিজানিবা পুত্ৰৰ কোনো সন্ধান ওলায়েই। কিন্তু নাই।

নিশাও কোনো সন্ধান নোলাল অবিনাশৰ। বিচাৰি বিচাৰি ভাগৰি পৰি নলাটোৰ পাৰতে বহি পৰিল তেওঁ। নিশা হৈ আহিছিল, কিন্তু পুত্ৰৰ আশাত সেইদৰেই বহি ৰ’ল তেওঁ। নিশা স্থানীয় লোকে বহু অনুৰোধ কৰিছিল তেওঁক ঘৰলৈ যাবলৈ। কিন্তু তেওঁ নামানিলে। নলাটোৰ কাষতে এখন দোকানৰ বাৰান্দাত পুত্ৰৰ আশাত ৰৈ থাকিল তেওঁ। স্থানীয় লোকে তেওঁক এখন আঁঠুৱা আনি দিয়ে। আঁঠুৱাৰ তলতে বহি ৰ’ল তেওঁ। মাজে মাজে উঠি আহি চাইহি নলাটোলৈ। এক বুকু বিষাই যোৱা দৃশ্য।

আজি পুনৰ অবিনাশৰ সন্ধানত প্ৰশাসনে চলাব অভিযান। স্নিফাৰ ডগ ব্যৱহাৰ কৰা হ’ব অবিনাশৰ উদ্ধাৰ অভিযানত। কিন্তু প্ৰশাসনৰ অভিযানৰ পূৰ্বে পুৱাই পুনৰ পিতৃ নামি পৰিল পুত্ৰৰ সন্ধানত। দিন-ৰাতি একাকাৰ কৰি পুত্ৰৰ সন্ধানত নলাই নলাই ঘূৰিছে হৰলাল সৰকাৰ। একঁকাল-এবুকু নলাৰ পানীত খেপিয়াই খেপিয়াই চাইছে। প্ৰশাসনৰ উদ্ধাৰ অভিযানত অসন্তুষ্ট অবিনাশৰ পৰিয়ালে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়।উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা মূষলধাৰ বৰষুণৰ মাজতে মহানগৰীত সংঘটিত হৈছিল এই শোকাৱহ ঘটনা। ডবা-পিটা বৰষুণৰ মাজতে জ্যোতিনগৰত নলাত উটি গৈছিল এটি ৮ বছৰীয়া অবিনাশ। বৃহস্পতিবাৰে নিশাৰ পৰা SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলাই যদিও এইপৰ্যন্ত শিশুটিৰ কোনো সন্ধান উলিয়াব পৰা নাই।

Post a Comment

Previous Post Next Post