ছাত্ৰৰ ছুৰিকাঘাতত কৰুণ মৃত্যুক আঁকোৱালি ল’লে শিক্ষাগুৰুৱে!


 

শিৱসাগৰৰ মাজ-মজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। ছাত্ৰৰ ছুৰিকাঘাতক শিক্ষকৰ কৰুণ মৃত্যু। শিৱসাগৰৰ ছাই বিকাশ একাডেমী শিক্ষানুষ্ঠানৰ শিক্ষক ৰাজেশ বাবুৰ ছুৰিকাঘাতত কৰুণ মৃত্যু ঘটে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ এজন ছাত্ৰই সংঘটিত কৰিলে এই জঘন্য কাণ্ড।গুৰুতৰভাৱে আহত ৰাজেশ বাবুক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু চিকিৎসালয়লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু ঘটে শিক্ষকজনৰ। ছাত্ৰজনে কি কাৰণত শিক্ষকজনক আক্ৰমণ কৰিলে জানিব পৰা হোৱা নাই। উল্লেখ্য যে JEE আৰু NEETৰ কোচিং দিয়া হয় একাডেমী খনত।

Post a Comment

Previous Post Next Post