৪০ ঘণ্টা পাৰ হৈ গ’ল, এতিয়ালৈ সন্ধান নোলাল অবিনাশৰ, উদ্ধাৰ হ’ল অবিনাশে পিন্ধা দুয়োপাত চেণ্ডেল


 

এতিয়াও সন্ধান ওলোৱা নাই গুৱাহাটীৰ জ্যোতিনগৰত সন্ধানহীন হোৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ। ৪০ ঘণ্টাৰ পাৰ হৈ যোৱাৰ পিছতে SDRF-SDRFৰ উদ্ধাৰকাৰী দলে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই অবিনাশৰ। আজি মিলন নগৰত অবিনাশৰ আন এপাট চেণ্ডেল উদ্ধাৰ হয়। শুকুৰবাৰেই উদ্ধাৰ হৈছিল শিশুটিৰ আন এপাট চেণ্ডেল।

শুকুৰবাবে এছ ডি আৰ এফে শিশুটিৰ কোনো সন্ধান উলিয়াব পৰা নাছিল। উদ্ধাৰকাৰী দলে অভিযান সামৰাৰ পিছতো অকলে নলাত নামি সন্তানৰ সন্ধান চলাইছিল শিশুটিৰ পিতৃয়ে। আজি পুনৰ SDRF, NDRF, GMC, অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। স্নিফাৰ ড’গ লৈ চলাইছে অভিযান।

বৃহস্পতিবাৰে নিশা কৃত্ৰিম বানত উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা। কৃত্ৰিম বানৰ মাজতে স্কুটীৰ পৰা পিছলি পৰি নলাত উটি গৈছিল অবিনাশ।পুত্ৰক বিচাৰি নাপাই কান্দি কান্দি ভাগৰি পৰিছে পিতৃ-মাতৃ। নিশাও নলাৰ কাষতে কটাইছিল অবিনাশৰ পিতৃ হৰলাল সৰকাৰে। কান্দি কান্দি নলাটোলৈ চাই ওৰেনিশা বহি ৰৈছিল পিতৃ। স্থানীয় লোকে বাৰে বাৰে তেওঁক ঘৰলৈ যাবলৈ অনুৰোধ জনাইছিল যদিও গোটেই নিশা নলাটোৰ কাষতে পাৰ কৰে পিতৃয়ে। স্থানীয় লোকে দিয়া আঁঠুৱাৰ তলতে উজাগৰি নিশা পাৰ কৰে অবিনাশৰ পিতৃয়ে।

Post a Comment

Previous Post Next Post