জিম্বাবুৱে বিৰুদ্ধে প্ৰথম টি-২০ৰ মূল একাদশত ৰিয়ান পৰাগ



 ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় টি-২০ত অভিষেক ঘটিল ৰিয়ান পৰাগৰ। জিম্বাবুৱে বিৰুদ্ধে ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। ভাৰতীয় দলৰ মূল একাদশ শুভমন গিল(অধিনায়ক), অভিষেক শৰ্মা, ঋতুৰাজ গায়কোৱাড, ৰিয়ান পৰাগ, ৰিংকু সিং, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, আৱেশ খান, মুকেশ কুমাৰ, খলিল আহমেদ। ৰিয়ান পৰাগৰ লগতে টি-২০ত অভিষেক ঘটিল অভিষেক শৰ্মা আৰু ধ্ৰুৱ জুৰেলৰো। জিম্বাবুৱেৰ বিৰুদ্ধে প্ৰথম টি-২০ টছত জিকি বলিঙৰ সিদ্ধান্ত লৈছে ভাৰতীয় দলে। হাৰাৰে স্প’ৰ্ট ক্লাৱত অনুষ্ঠিত হৈছে ভাৰত জিম্বাবুৱেৰ প্ৰথম টি-২০ মেচ।

Post a Comment

Previous Post Next Post