নগাঁও জিলাৰ জুৰীয়াৰ জেঙনি গাঁৱত বাঘৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত দুজন লোক আহত হৈছে। আহত লোক দুজনৰ নাম আব্দুল আজিজ আৰু আক্তৰ হুছেইন। দুয়োজনৰে অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। পথাৰত কাম কৰি থকা অৱস্থাতে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘে আক্ৰমণ কৰে লোক দুজনক।
আহত লোক দুজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ ফলত লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বাঘটো ওলাই অহাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
এতিয়া বাঘৰ আতংকত ভুগিছে অঞ্চলটোৰ ৰাইজ। ৰাইজে হৈ-চৈ কৰি বাঘটো খেদি পঠিওৱাৰ চেষ্টা চলাইছে। কিন্তু যিকোনো মুহূৰ্তত বাঘটোৱে আন লোককো আক্ৰমণ কৰিব পাৰে। যাৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল।
.jpg)