Lovlina Borgohain : পেৰিছ অলিম্পিক গেমছত স্বৰ্ণপদকৰ লক্ষ্য লাভলীনা বৰগোহাঁইৰ



আৰু ২১ দিন পিছত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত আৰম্ভ হ’ব ৩৩ সংখ্যক অলিম্পিক গেমছ, ২০২৪। ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ পেৰিছত চলিব ক্ৰীড়া বিশ্ব যুদ্ধ। এইবাৰৰ বিশ্ব  শ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰত অসমৰ কেৱল মাত্ৰ এগৰাকীয়ে যোদ্ধা আছে। টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে এইবাৰৰ অলিম্পিক গেমছত মহিলাৰ ৭৫ কেজি শাখাত অংশ ল’ব।


লাভলীনা বৰগোহাঁয়ে সম্প্ৰতি জাৰ্মানীত কঠোৰ অনুশীলনত ব্যস্ত আছে। ভাৰতীয় মহিলা বক্সিঙৰ প্ৰশিক্ষক হিচাপে আছে অসমৰ প্ৰণামিকা বৰা। লাভলীনাই এইবাৰ স্বৰ্ণপদক পাব বুলি আশা কৰিছে বক্সিং ইণ্ডিয়াই।

এই সম্পৰ্কত News18 অসম NEৰ সৈতে হোৱা এক আছুতীয়া সাক্ষৰতাৰত বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতাই আশা প্ৰকাশ কৰে যে লাভলীনা বৰগোহাঁয়ে এইবাৰৰ পেৰিছ অলিম্পিক গেমছত স্বৰ্ণ পদক অৰ্জন কৰিব। অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইক News18ৰ তৰফৰ পৰাও অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো।

Post a Comment

Previous Post Next Post