পুনৰ টাৰ্গেট অকলশৰীয়া মহিলা, গুৱাহাটীৰ অম্বিকাগিৰি নগৰত অকলশৰীয়া মহিলাৰ ওপৰ ডকাইতে চলালে তাণ্ডৱ


 

আৰক্ষী সঞ্চালক প্ৰধানে যিমানেই সামাজিক মাধ্যমত আৰক্ষীক অধিক সক্ৰিয় হোৱাৰ বাবে, জনসাধাৰণৰ সুহৃদ হ’বলৈ আহ্বান জনাই আছে, তাৰ বিপৰীত ছবিহে যেন প্ৰতিফলিত হয় বাস্তব ক্ষেত্ৰত। গুৱাহাটী মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত, অন্যতম অভিজাত অঞ্চল অম্বিকাগিৰি নগৰত সৌ সিদিনা সংঘটিত হ’ল এটা দুৰ্ভাগ্যজনক ঘটনা।

মহানগৰীত পুনৰ ডকাইতৰ টাৰ্গেট সম্ভ্ৰান্ত ঘৰৰ মহিলা। অকলশৰীয়াকৈ থকা মহিলাৰ ঘৰত ডকাইতে চলালে লুটপাত। পিছে কাণসাৰ নাই স্মাৰ্ট আৰক্ষীৰ। ক’তো যেন চিনচাব নাই আৰক্ষীৰ পহৰা ব্যৱস্থাৰ। এফালে আৰক্ষীৰ পহৰাদাৰী আৰক্ষীৰ গাড়ী পাৰ হৈ যায়, আনফালে সাজু হয় ডকাইত।

হয়, মহানগৰীত পুনৰ সংকটত অকলশৰীয়া মহিলা। মাজনিশা অকলশৰীয়া মহিলাৰ ঘৰত সোমাই ডকাইতে চলালে লুটপাত। এফালৰ পৰা ধাহিমুহি নিলে ডকাইতে। মাতৃৰ ওপৰত চলা অত্যাচাৰত বাকৰুদ্ধ পুত্ৰ, আৰক্ষীৰ ভূমিকাতো আশাহত কীৰ্তিপ্ৰৱৰ।

উল্লেখ্য, এনে ধৰণৰ ঘটনা পূৰ্বেও মহানগৰীত সংঘটিত হৈছে। আক্ৰমণৰ বলি হৈছিল বয়োজ্যেষ্ঠ লোক। শেহতীয়াকৈও ডকাইতে আক্ৰমণৰ লক্ষ্য কৰি ল’লে কীৰ্তিপ্ৰৱৰৰ মাতৃক। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, এই ঘটনাৰ কিছুদিন পূৰ্বেও একেটা অঞ্চলতে সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। কিন্তু জানিবলৈ পোৱা মতে আৰক্ষীৰ নিৰ্লিপ্ততাত আশাহত হৈছে অঞ্চলবাসী। এজাহাৰ দিবলৈ যোৱাত গৃহস্থক আৰক্ষীৰ উপদেশ- অধিক অসুৰক্ষিত যেন লাগিছে যদি নিজাকৈ কৰক ব্যৱস্থা, নিজেই মকৰল কৰক সুৰক্ষা কৰ্মী।উল্লেখ্য যে অম্বিকাগিৰি নগৰৰ সেই বিশেষ ঘৰটোত থকা মহিলাগৰাকীৰ পুত্ৰ কৰ্মসূত্ৰে থাকে মুম্বাইত। অসমৰ এগৰাকী প্ৰখ্যাত বাদ্যযন্ত্ৰী কীৰ্তিপ্ৰৱৰ দাসৰ মাতৃ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। এসময়ত পাপনৰ সৈতে সংগত কৰা কীৰ্তিপ্ৰৱৰ সম্প্ৰতি মুম্বাইৰ অৰিজিৎ সিঙৰ সৈতে সংগত কৰে। শেহতীয়াকৈ এনে এগৰাকী প্ৰখ্যাত সংগীত শিল্পীৰ ঘৰত চলিল ডকাইতৰ দপদপনি। প্ৰসিদ্ধ বাদ্যযন্ত্ৰীগৰাকীৰ অকলশৰীয়া মাতৃক টাৰ্গেট কৰিলে ডকাইতে। অকলশৰীয়া মহিলাৰ ঘৰত নিশা চলালে লুটপাত। ইয়াৰ বিপৰীতে নিধিৰাম চৰ্দাৰ মহানগৰৰ স্মাৰ্ট পুলিচ।

Post a Comment

Previous Post Next Post