বঙাইগাঁৱৰ চাঞ্চল্যকৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ নতুন পাক। বঙাইগাঁৱৰ ছিপনছিলা পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত পত্নীসহ ৬জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পত্নীয়ে ছুপাৰী দি হত্যা কৰাইছিল পঞ্চায়ত সচিবজনক।
পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত গুৱাহাটীৰ পৰা চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দিছপুৰ থানাৰ অন্তৰ্গত বৰবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজনক। বৰবাৰীত দিন হাজিৰা কৰি থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক কেইজনক। গ্ৰেপ্তাৰ কৰা চাৰিওজনৰ ঘৰ গুৱাহাটীৰ আঠ মাইলৰ গাৰোবস্তিত। চাৰিওজনকে সম্প্ৰতি ৰখা হৈছে দিছপুৰ থানাত। মহানগৰ আৰক্ষীৰ সহযোগত চাৰিওজনৰ বিৰুদ্ধে অভিযান চলায় বঙাইগাঁও আৰক্ষীয়ে।এতিয়ালৈ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাগৰ নাৰ্জাৰী, জ্যোতিশ দৈমাৰী, নকুল ইছলাৰী, জুয়েল দৈমাৰী, মনোজ বসুমতাৰী আৰু মৃত চন্দ্ৰকান্ত দাসৰ পত্নীক। মনোজ কুমাৰ বসুমতাৰীয়ে ২৬ জুনত সংঘটিত কৰিছিল এই হত্যাকাণ্ড সংঘটিত কৰাৰ মূল অভিযুক্ত।
ইতিমধ্যে মনোজ কুমাৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষালৈ প্ৰেৰণ, স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে মনোজ কুমাৰ বসুমতাৰীক লৈ যোৱা হ’ব বঙাইগাঁও আৰক্ষী থানালৈ। বঙাইগাঁৱৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা ক্ৰাইম ব্ৰান্সৰ দল আৰু দিছপুৰ, গড়চূক আৰক্ষীৰ এটা দলৰ অভিযানত গ্ৰেপ্তাৰ হয় মনোজ কুমাৰ বসুমতাৰী।
.jpg)