ৰকীয়া প্ৰেমৰ সন্দেহত স্বামীক হত্যাৰ বাবে পত্নীয়ে ছুপাৰী কিলাৰক দিলে ২লাখ টকা!


 

সময় ২৬ জুনৰ দুপৰীয়া, হঠাৎ বঙাইগাঁৱৰ এখন চাহৰ হোটেলত এজন লোক গুলীয়াই হত্যা। শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে বঙাইগাঁৱৰ ছিপনছিলা পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক। তাৰ পিছতে লাগিল হাহাকাৰ। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তই। কিছুমুহূৰ্তৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মৃত পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসৰ পত্নী। পত্নীয়য়ে কান্দি-কান্দি এগৰাকী মহিলাক উদ্দেশ্য ক’লে বহু কথা। চন্দ্ৰকান্ত দাসৰ পত্নীয়ে স্বামীৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি চিঞৰি কান্দিলে, আৰু মহিলাগৰাকীৰ বাবে স্বামীৰ মৃত্যু হোৱা বুলি তেতিয়া প্ৰকাশ কৰিলে।


দিন দুপৰতে সংঘটিত এই হত্যাকাণ্ডক লৈ হাহাকাৰ লাগিল ৰাজ্যজুৰি। আৰক্ষীয়েও আৰম্ভ কৰিলে তদন্ত। হত্যাৰ তদন্ত কৰি হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে পেলাই দিলে জাল। আৰক্ষীৰ জালত পৰিল এগৰাকী পিছত আন এগৰাকী অভিযুক্ত। প্ৰথমৱস্থাত আৰক্ষীয়ে যিমান ঘটনা যিমানে সৰল ৰৈখিক আছিল বুলি ভাৱিছিল, সিমান নাছিল সৰল ৰৈখিক। ঘটনাৰ প্ৰতিটো দিশতে আছিল ৰহস্য আৰু ৰহস্য। আৰক্ষীয়ে চকু ৰাখি গৈছিল চন্দ্ৰকান্ত দাসৰ পত্নীৰ চাল-চলনৰ ওপৰ।

নৃশংস হত্যাকাণ্ড প্ৰতিটো দিশতে আছিল ৰহস্য। এখন হিন্দী থিলাৰৰ দৰে আছিল এই হত্যাকাণ্ড ঘটনা। পঞ্চায়ত সচিব চন্দকান্ত দাসক পৰিকল্পিতভাবে হত্যা কৰিছিল পত্নী নিলীমা কছাৰী আৰু খুলশালীয়ে বিনীমা বসুমতাৰী আৰু ভতিজাক মনোজ বসুমতাৰীয়ে। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য। প্ৰতিটো তথ্যই আছিল শিহৰণকাৰী, আৰক্ষীকো কৰি তুলিছিল স্তম্ভিত।

কোনে কিদৰে ৰচনা কৰিছিল নৃশংস হত্যাকাণ্ড ব্লুপ্ৰণ্টি?
ছুপাৰী লৈ চন্দ্ৰকাণ্ড দাসৰ ভতিজাক মনোজ বসুমতাৰীয়ে ৰচিছিল হত্যাৰ ব্লু-প্ৰিণ্ট। চন্দ্ৰকান্ত দাসক হত্যাৰ বাবে নাগালেণ্ডৰ পৰা আনিছিল পিষ্টল। জুনেল দৈমাৰী নামৰ এজনে নাগালেণ্ডৰ পৰা আনিছিল 7.65mm পিষ্টল। জুনেলে নাগালেণ্ডৰ পৰা আনি গুৱাহাটীত ছাগ্ৰা নাৰ্জাৰীক দিছিল পিষ্টলটো। ১৭ জুনত বঙাইগাঁৱৰ কাহিডোবাত উপস্থিত হৈছিল জুনেল। ২৫ জুনত কোকৰাঝাৰৰ দতমালৈ ছাগ্ৰাই লৈ গৈছিল পিষ্টলটো। ২৫জুনত কাহিডোবালৈ গৈছিল নুকুল ইশ্বৰী, জ্যোতিষ দৈমাৰী, মনোজ বসুমতাৰী। আৰু ২৬ জুনত কাহিডোবাৰ এখন চাহ দোকানত গুলীয়াই হত্যা কৰিছিল চন্দ্ৰকান্ত দাসক। শূন্য দূৰত্বৰ পৰা নুকুলে গুলীয়াই হত্যা কৰিছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক। নুকুলৰ লগতে ঘটনাস্থলীত উপস্থিত আছিল ছাগ্ৰা নাৰ্জাৰী। হত্যাকাণ্ডৰ পিছতে হত্যাকাৰীয়ে কোকৰাঝাৰত লুকুৱাই ৰাখিছিল পিষ্টলটো। পৰিকল্পনা অনুসৰিয়েই চন্দ্ৰকান্ত দাসক হত্যা কৰি ৰুণীখাটাত আত্মগোপন কৰিছিল হত্যাকাৰী নুকুলে।

পৰিকল্পনা অনুসৰি হত্যাকাণ্ড সংঘটিত কৰি পৃথকে-পৃথকে আত্মগোপন কৰিছিল হত্যাকাৰীয়ে। অভিযুক্ত ছাগ্ৰা, জুনেল আৰু মনোজে আত্মগোপন কৰিছিল গুৱাহাটীত। অভিযুক্ত জ্যোতিষ দৈমাৰীয়ে আত্মগোপন কৰিছিল শ্বিলঙত। উল্লেখ্য আটাইকেজন অভিযুক্ত NDFBৰ প্ৰাক্তন কেডাৰ।

হত্যাকাৰীক বিচাৰি কিদৰে চলিছিল আৰক্ষীৰ অভিযান?
হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰিছিল আৰক্ষীৰ ৫টা বিশেষ দল। কোকৰাঝাৰৰ দতমাত বঙাইগাঁও ASP(HQ)ৰ নেতৃত্বত চলিছিল অভিযান। দক্ষিণ শালমৰাৰ SDPOৰ নেতৃত্বত শ্বিলঙত চলিছিল অভিযান, বঙাইগাঁও DSP(HQ)ৰ নেতৃত্বত গুৱাহাটীত চলিছিল অভিযান, বঙাইগাঁও আৰক্ষীৰ দুটা দলে চিৰাঙৰ দুঠাইত চলাইছিল অভিযান। অপৰাধী যদি ডালে-ডালে আৰক্ষীও গৈছিল পাতে-পাতে। হত্যাকাৰী সন্ধান আৰক্ষী ৰচনা কৌশল ৰচনা কৰিছিল।

তেতিয়া চন্দ্ৰকান্ত দাসৰ গৃহত চলি আছিল সকাম, উপস্থিত হৈছিল আৰক্ষীয়ে। আৰক্ষীয়েও কৌশলনে পত্নীক কথা-বতৰা পতাৰ বাবে লৈ যায় থানালৈ। থানাত লৈ গৈ চন্দ্ৰকান্ত দাসৰ পত্নী নীলিমা কছাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নীলিমা কছাৰীৰ ভগ্নী বিনিমা কছাৰীক গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীয়ে। নীলিমাৰ ভতিজাক মনোজ বসুমতাৰীক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰায়েই গ্ৰেপ্তাৰ ছাগ্ৰা নাৰ্জাৰী, জুনেল দৈমাৰীক আনহাতে অভিযুক্ত জ্যোতিষ দৈমাৰীক গ্ৰেপ্তাৰ কৰে শ্বিলঙৰ পৰা। চিৰাঙৰ ৰুণীখাটাৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত নুকুল ইশ্বৰীক।

আটাইকেইজন অভিযুক্ত গ্ৰেপ্তাৰৰ পিছতে পৰিস্কাৰ হয় হত্যাৰ কাৰণ। পত্নীয়ে পৰকীয়া প্ৰেমৰ সন্দেহতে হত্যা কৰিছিল চন্দ্ৰকান্ত দাস। চন্দ্ৰকান্ত দাসৰ ঘৰতে ৰচনা হৈছিল হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট। ২ লাখ টকা ছুপাৰী দি নিলীমা কছাৰীয়ে পৰিকল্পিতভাবে হত্যা কৰিলে স্বামী চন্দ্ৰকান্ত দাসক। নিলীমাই ২ লাখ টকা দিছিল ভতিজাক মনোজ বসুমতাৰীক। ভতিজাক মনোজ বসুমতাৰীয়ে সেই টকা দিছিল ছুপাৰি কিলাৰক। এখন ব’লেৰ গাড়ীয়ে গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ গৈছিল তিনিজন অভিযুক্ত। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো। জব্দ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা বাইক আৰু বলেৰ বাহনখন।

Post a Comment

Previous Post Next Post