লাওখোৱাৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰৌমাৰী বিলত মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যু হোৱা ঘটনাৰ প্ৰসংগত আজি শুনানি গ্ৰহণ কৰিব।অতিৰিক্ত জিলা দণ্ডাধীশ সুদীপ নাথৰ স্বাক্ষৰ যুক্ত এখন পত্ৰত এই কথা উল্লেখ আছে।জানিব পৰামতে তদন্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশ জনে সংশ্লিষ্ট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষীৰ লোকসকলক উক্ত বিষয়ক সকলো নথি পত্ৰলৈ শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।
তদুপৰি উক্ত ঘটনাৰ গোচৰ সম্পৰ্কত আৰক্ষীৰ স্থিতি কি সেই সম্পৰ্কেও শুনানি গ্ৰহণ কৰিব। তদুপৰি নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া আৰু অভিযানত অংশগ্ৰহণ কৰা বনকৰ্মী সকলৰো শুনানি গ্ৰহণ কৰিব। জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰা দুই ভাতৃৰ বিৰুদ্ধে কোনো অভিযোগ আছে নেকি আৰু তেওঁলোকৰ চৰিত্ৰৰ প্ৰমাণ পত্ৰ তথ্য সহ শুনানিত উপস্থিত থাকিবলৈ জনাইছে।
অভিযুক্তৰ পৰিয়ালক শুনানিৰ বিষয়টো অৱগত কৰিবলৈও জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিছে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৩৮নং কোঠাত কাইলৈ দিনৰ ১১ বজাৰ পৰা এই শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে যোৱা ২১ জুনৰ মাজনিশা চোৰাংভাৱে মৎস্য চিকাৰৰ সন্দেহত বনকৰ্মীৰ দলে গুলীচালনা কৰাত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ ক্ৰমে আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ থিতাতে মৃত্যু হৈছিল।
.jpg)