শুকুৰবাৰে পুৱা কৰ্ণাটকৰ হাভেৰি জিলাৰ বেদাগি তালুকত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন মিনি বাছৰ সৈতে ৰৈ থকা ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১৩জন লোকৰ মৃত্যু হয়। আন দুজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
পিটিআইৰ খবৰ অনুসৰি, মৃত লোকসকল শিৱমোগাৰ বাসিন্দা। দেৱী ইয়াল্লাম্মাৰ তীৰ্থযাত্ৰা শেষ কৰি বেলাগাভি জিলাৰ সাভাদত্তিৰ পৰা উভতি আহিছিল তেওঁলোক। সেই সময়তে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। আহতসকলক স্থানীয় এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে, বাছখনৰ চালকৰ টোপনি অহাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ বিকট শব্দ শুনি লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে। স্থানীয় লোকসকলেই প্ৰথমে উদ্ধাৰকাৰ্য আৰম্ভ কৰে।
.jpg)