যোৰহাট জিলাৰ মৰিয়নী চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বহুকেইটা অঞ্চলত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱে দেখা দিছে। চেলেংহাটৰ অভয়পুৰীয়া গাঁৱৰ ভলকচুকৰ প্ৰদীপ বৰা নামৰ ৭০ বছৰীয়া ব্যক্তিজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ JMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে। আনহাতে গাঁওখনৰ বৰা চুকৰ এগৰাকী ১৬ বছৰীয়া যুৱতী আৰু এজন যুৱক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
ঠিক সেইদৰে নামচেচুৰ এগৰাকী ব্যক্তি আৰু বৰনগঞা গাঁও দচুকৰ জিতা বৰা গগৈ নামৰ ৩৫ বছৰীয়া এগৰাকী মহিলা সংকটজনক অৱস্থাত JMCHত চিকিৎসাধীন হৈ আছে। আনহাতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। স্বাস্থ্য বিভাগে আবেলি সময়ত পথত কিছু সময় ধোঁৱা দিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে স্বাস্থ্য কৰ্মীৰ এনে পালমৰা কাৰ্যৰ বাবে বৃহস্পতিবাৰে নিশা মৰিয়নীৰ চেলেংহাট অভয়পূৰীয়া গাঁৱত এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয়। স্বাস্থ্য কৰ্মীৰ দলটোৱে তেলৰ অভাৱৰ অজুহাতত আধাতে ধোঁৱা দিয়া কাৰ্য সামৰি যাবলৈ বিচৰা সময়তে ৰাইজে উভতি ধৰে। নকছাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গৈছিল উক্ত দলটো। দীৰ্ঘ সময় ৰাইজে আবদ্ধ কৰি ৰখাৰ পাছত ধোঁৱা দিবলৈ মান্তি হয় স্বাস্থ্যকৰ্মীৰ দলটো। তাৰ পাছতহে শান্ত হয় পৰিস্থিতি। স্বাস্থ্য বিভাগৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে ৰাইজে প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ।
.jpg)