ছেমি ফাইনেলত ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া, ৰোহিতৰ অৰ্ধশতক


 

টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী হ’ল ইংলেণ্ড। প্ৰতিকূল বতৰৰ মাজত চৰম অনিশ্চয়তাত অনুষ্ঠিত হৈছিল হাই-ভল্টেজ মেচখন। মেচৰ মাজতে বৰষুণৰ বাবে কিছুসময়ৰ বাবে স্থগিতও কৰিব লগা হৈছিল মেচখন। কিন্তু অৱশেষত সকলো বাধা-বিঘিনি নেওচি সুকলমে অনুষ্ঠিত হ’ল বহু প্ৰতীক্ষিত ভাৰত আৰু ইংলেণ্ডৰ মেচখন। টছত জয়লাভ কৰি ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাত ভাৰতে বেটিং কৰে। ভাৰতে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত ১৭১ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছত ১৭২ ৰানৰ জয়ৰ লক্ষ্য লৈ ইংলেণ্ডে আৰম্ভ কৰে বেটিং। কিন্তু ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী হয় ইংৰাজবাহিনী। বিশেষকৈ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ বলৰ সন্মুখত টিকিব নোৱৰা হ’ল ব্ৰিটিছবাহিনী। ইংলেণ্ডে ১৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টীম ইণ্ডিয়াই ৬৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডক আৰু প্ৰৱেশ কৰে বিশ্বকাপৰ ফাইনেলত। অহা ২৯ জুনত টী-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে সমুখ সমৰত অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া। ইয়াৰ লগে লগে দেশৰ ১৪০ কোটি জনতাই আশা কৰিছে এইবাৰ টীম ইণ্ডিয়াৰ শিৰত জিলিকি উঠক বিশ্বকাপ জয়ৰ মুকুট।

এইবাৰ টী-২০ বিশ্বকাপত ভাৰত কিছুক্ষেত্ৰত পিছপৰি ৰোৱাক লৈ চৰ্চিত হৈছে আন এক বিষয়। বহুতে কৈছে যে এইবাৰ বিশ্বকাপত টীম ইণ্ডিয়াৰ মেনেজমেন্টে এনেকুৱা ডাঙৰ ভুল কৰিছে, যিটো ভুল আগতে কেতিয়াও হোৱা নাছিল। শেহতীয়া আইপিএলত অপেনাৰ হিচাপে চমকপ্ৰদ প্ৰদৰ্শন কৰা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি এইবাৰ বিশ্বকাপত ধাৰাবাহিকভাৱে হৈছে ব্যৰ্থ। ভাৰতীয় টীম মেনেজমেন্টে কোনোপধ্যে কোহলিক তেওঁৰ প্ৰিয় ৩ নম্বৰৰ স্থান উভতাই দিব বিচৰা নাই। আৰু অপেনাৰ হিচাপে কোহলিয়ে সংগ্ৰহ কৰিব পৰা নাই ৰান। এই এটা ভুল সিদ্ধান্তৰ পৰিণাম ভুগিছে গোটেই দলটোৱে- বুলিও ক’ব বিচাৰে বহুজনে। কোহলিৰ দৰে তাৰকা ক্ৰিকেটাৰে যদি ৰান সংগ্ৰহ কৰিব নোৱাৰে, তেন্তে দলটোৰ কিমান ডাঙৰ ক্ষতি হয় সেয়া হয়তো আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। তথপিও ভাল কথা এইটো যে ৰোহিত শৰ্মা এতিয়াও ফৰ্মত আছে আৰু নিজৰ সামৰ্থৰে উত্তম প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে। নহ’লে হয়তো বিশ্বকাপৰ এইখিনি পৰ্যায়লৈও টীম ইণ্ডিয়া আহি উপনীত হোৱাতো সপোনেই হৈ থাকিলহেতেন।

Post a Comment

Previous Post Next Post