ডাল ভৰি ভৰি লাগিছে আপেল, যোৰহাটত আপেলৰ এখন বৃহৎ বাগিচা, কাশ্মীৰ-হিমাচলৰ দৰে অসমতো সম্ভৱ হ’বনে আপেলৰ বাগিচা?


 

অসমতো হিমাচল প্ৰদেশ, কাশ্মীৰৰ দৰে আপেলৰ বাগিচা দেখিবলৈ পোৱা যাব নেকি! যোৰহাটৰ এখন আপেলৰ বাগিচা দেখিলে আপোনাৰ মনত এই প্ৰশ্নৰে উদয় হ’ব। কৃষি বিজ্ঞানীসকলৰ প্ৰচেষ্টাত অসমত আপেলৰ খেতি সম্ভৱ হৈ উঠাৰ দিশে আগবাঢ়িছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ পৰীক্ষামূলক ক্ষেত্ৰত বিজ্ঞানীসকলে গৱেষণামূলকভাৱে আৰম্ভ কৰিছে আপেলৰ খেতি।

গ্ৰীস্ম অঞ্চলত হ’ব পৰা আপেলৰ তিনিটা প্ৰজাতি ক্ৰমে আন্না, গল্ডেন দৰ্ছেট আৰু HRMN 99ৰ খেতি দুবছৰ পূৰ্বে কৃষি বিজ্ঞানীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ গৱেষণা প্ৰকল্পৰূপে আৰম্ভ কৰিছিল। আপেলৰ এই গ্ৰাফ্টেত পুলিবোৰ সোনকালে বৃদ্ধি হৈ প্ৰথম বছৰতে ফল লাগিছিল যদিও মাত্ৰাধিক বৰষূণৰ বাবে আপেলবোৰ প্ৰথম বছৰত সৰি গৈছিল।

প্ৰত্যাহ্বানসমূহ বিজ্ঞানীসকলে প্ৰতিৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰখাত দ্বিতীয়টো বছৰত অৰ্থাৎ এইবাৰ পূৰ্বৰ তুলনাত অধিক আপেল লাগিছে গছবোৰত। ইয়াৰে কিছু আপেল পকালৈকে গছতে আছে। এইবাৰো তীব্ৰ গৰম আৰু মাত্ৰাধিক বৰষূণৰ পৰা আপেলৰ গছবোৰলৈ তীব্ৰ প্ৰত্যাহ্বান আহিছিল। অসমৰ আৰ্দ্ৰতা, গৰম জলবায়ু, অত্যধিক বৰষুণ, কীট-পতংগৰ আক্ৰমণকে ধৰি বিভিন্ন সমস্যাসমূহ নেওচি এই আপেলৰ খেতি কেনেদৰে সফল ৰূপত কৰিব পাৰি তাৰ কৌশল উদ্ভাৱন কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক , বিজ্ঞানীসকলে চেষ্টা অব্যাহত ৰাখিছে। অসমত আপেলৰ খেতি সফল ৰূপত কৰাৰ ক্ষেত্ৰত এক নিশ্চিত ফলাফলত উপনীত হ’বলৈ আৰু দুবছৰ সময়ৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই।

অসমত খেতি কৰা এই আপেলৰ গছবোৰত বছৰি দুবাৰ ফল লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাৰণ এই গছবোৰত কাশ্মীৰ, হিমাচল প্ৰদেশৰ তুলনাত বহু আগতীয়াকৈ ফুল ফুলিছে। কাশ্মীৰ বা হিমাচল প্ৰদেশত ছেপ্টেম্বৰ মাহত আপেলৰ খেতি চপোৱা হয় যদিও অসমত হোৱা এই আপেল জুলাইতে পুৰঠ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আনহাতে যোৰহাটৰ এই বাগিচাত হোৱা আপেলৰ সোৱাদো ভাল বুলি জানিবলৈ দিছে বিজ্ঞানীসকলে।

আনহাতে অসমত আপেলৰ ফুল ফুলা প্ৰক্ৰিয়া পিছুৱাব পাৰিলে খৰালিৰ সময়ছোৱাত আপেলৰ উৎপাদন অধিক ভাল হোৱাৰ সম্ভাৱনা আছে বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে। বৰ্তমান এই গৱেষণা অব্যাহত আছে আৰু অসমত আপেলৰ খেতি সফল হ’বনে নাই সেয়া নিশ্চিত হ’বলৈ আৰু দুটা বছৰৰ গৱেষণাৰ প্ৰয়োজন হ’ব। অৰ্থাৎ গৱেষণা সফলভাৱে আগবঢ়ি গ’লে ২০২৬-২৭ত এই সন্দৰ্ভত এটা নিশ্চিত ফলাফল বিজ্ঞানীসকলে লাভ কৰিব বুলি উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post