অসম স্থাপন হ’ব কেঁচা চাহপাতৰ ৬ টাকৈ টেষ্টিং লেব, প্ৰতিটো লেবত চৰকাৰে খৰচ কৰিব ৫ কোটি টকাকৈ


 

বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে চাহ খেতিয়কসকলে কেঁচা চাহপাতত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা কথা। যাৰ বাবে ভাৰতৰ বৃহৎ চাহ প্ৰতিষ্ঠাসমূহে লোৱাৰ বাবে প্ৰস্তুত নহয় অসমৰ উৎপাদিত কেঁচা চাহপাত। এনে পৰিস্থিতিৰ বাবে বছৰি কোটি কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে অসমৰ চাহ উদ্যোগসমূহৰ লগতে চৰকাৰে।সেয়েহে চৰকাৰে চাহপাতৰ গুণগত মান উন্নত কৰা আৰু বিশ্ব দৰবাৰত চাহ খেতিৰ চাহিদা বৃদ্ধি কৰাৰ লক্ষ্যৰে অসমত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব ছটাকৈ কেঁচাপাতৰ  টেষ্টিং লেব।


অসম উদ্যোগিক বিভাগৰ সহযোগত ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ, গোলাঘাট, বড়োলেণ্ড আৰু সোণাৰিত। চলিত বছৰৰ পৰা আৰম্ভ হ’ব টেষ্টিং লেবৰ কাম। প্ৰতিটো লেবত চৰকাৰে ব্যায় কৰিব ৫ কোটি টকা আৰু ক্ষেত্ৰত মুখ্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সোমবাৰে জনতা ভৱনত বৈঠকত মিলিত হৈছে উদ্যোগমন্ত্ৰী বিমল বৰা, মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ক্ষুদ্ৰ চাহ প্ৰতিষ্ঠানসমূহৰ গৰাকী। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে কেঁচা চাহপাতত ৰাসায়নিক দ্ৰব্য বন্ধ কৰাৰ ব্যবস্থা লোৱাৰ বাবে নিদেৰ্শ প্ৰদান কৰিছে।উল্লেখযোগ্য যে, কেঁচা চাহপাতৰ নতুন টেষ্টিং চেণ্টাৰৰ বাবে ইতিমধ্যে যোৰহাটৰ টোকলাই কেন্দ্ৰই আৰম্ভ কৰিছে গৱেষণা। লগতে, কেঁচা চাহপাত পৰীক্ষা কৰা এয়া হ’ব উত্তৰ পূৰ্বৰ ভিতৰত প্ৰথমটো টেষ্টিং লেব।

Post a Comment

Previous Post Next Post