মূষলধাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত জলপ্ৰলয়, কেইবাটাও পথ বন্ধ, তীব্ৰ যানজঁট



 বাৰিষাৰ প্ৰথম বৰষুণত বুৰিল ৰাজধানী দিল্লী। শুকুৰবাৰে পুৱা দিল্লী-এনচিআৰত প্ৰবল বৰষুণৰ ফলত বাট-পথ প্লাৱিত হৈ পৰে। বহু ঠাইত একাঁঠু পৰ্যন্ত পানী ৰাজপথত। দিল্লীৰ বিভিন্ন প্ৰান্ত পানীৰে ভৰি পৰিছে। যাৰ ফলত পুৱাৰে পৰা দিল্লীৰ ৰাজপথত সৃষ্টি হয় ভয়ংকৰ যানজঁট। কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকসকল বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বৰষুণৰ বাবে মানুহে গৰমৰ পৰা সকাহ পাইছিল যদিও বানৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

মূষলধাৰ বৰষুণৰ বাবে নিজামুদ্দিন ৰে’ল ষ্টেচন প্লাবিত হৈছে। নিজামুদ্দিন ষ্টেচনৰ পৰা বাহিৰলৈ ওলোৱা পথ জলমগ্ন হৈ পৰিছে। যাৰ ফলত ষ্টেচনলৈ অহা-যোৱা কৰা লোকসকল ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

মিণ্টো ৰোডস্থিত আণ্ডাৰপাছ বান প্লাৱিত হৈছে। দুয়োফালৰ পৰা গাড়ীৰ চলাচল একপ্ৰকাৰ বন্ধ হৈ পৰিছে। মিণ্টো ব্ৰীজ আণ্ডাৰপাছত বানৰ ফলত কমলা মাৰ্কেটৰ পৰা কনাট প্লেচৰ দিশলৈ যোৱা দুয়োটা পথত যাতায়াত প্ৰভাৱিত হৈছে। অক্ষৰধামৰ পৰা গাজিয়াবাদৰ দিশলৈ যোৱা দুয়োটা পথত যাতায়াত ব্যাহত হৈছে। মুৰ্গা মণ্ডী, গাজীপুৰ বৰ্ডাৰতো বানৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে।

বানৰ বাবে তীব্ৰ যানজঁট সৃষ্টি হোৱা বাবে দিল্লী ট্ৰাফিক আৰক্ষীয়ে এডভাইজৰী জাৰি কৰিছে।দিল্লী আৰক্ষীয়ে কয়, ‘ৱাই-পইণ্ট ছেলিমগড়ৰ আৰু নিগমবোধ ঘাটৰ সমীপত বানৰ বাবে শান্তিবনৰ পৰা আইএছবিটিৰ দিশে আৰু ইয়াৰ বিপৰীত দুয়োটা কেৰিজৱে’ত আউটাৰ ৰিঙত যাতায়াত প্ৰভাৱিত হৈছে।

বৃহস্পতিবাৰে নিশা হোৱা মূষলধাৰ বৰষুণৰ ফলত দিল্লীৰ ৰাজপথত সৃষ্টি হৈছে প্ৰবল বান। দিল্লীৰস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ ছাঁদৰ এটা অংশ খহি পৰে। শেষ নিশা আৰম্ভ হৈছিল বৰষুণ। ছফদৰগঞ্জত ১৫৩.৭ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হয়।

দিল্লীৰ বৰষুণৰ ফলত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ ছাঁদ খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে। আনহাতে, কেইবাজনো লোক এই ঘটনাত আঘাতপ্ৰাপ্ত হয়। ধাৰাসাৰ বৰষুণৰ লগতে তীব্ৰ বতাহৰ বাবে টাৰ্মিনেল ৱানৰ ছাঁদ ভাগি পৰে।

Post a Comment

Previous Post Next Post