Paris Olympics 2024 : আজি অলিম্পিকত একাধিক ইভেণ্টত নামিব ভাৰতীয় ক্ৰীড়াবিদসকল


 

আজি অলিম্পিকত দুটাকৈ পদক জয়ৰ সম্ভাৱনাৰে ভাগ ল’ব ভাৰতীয় খেলুৱৈয়ে। মনু ভাকৰৰ পাছত আজি পদক জয়ৰ বাবে যুঁজ দিব দুই ভাৰতীয় শ্বুটাৰ ৰমিতা জিণ্ডাল আৰু অৰ্জুন বাবুটাই।

মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ চূড়ান্ত খেলত ভাগ ল’ব ভাৰতীয় শ্বুটাৰ ৰমিতা জিণ্ডালে। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত আছে খেলখন। একেদৰে দিনৰ চাৰে তিনি বজাত ভাৰতীয় শ্বুটাৰ অৰ্জুন বাবুটাই পুৰুষৰ ১০মিটাৰ এয়াৰ ৰাইফলৰ চূড়ান্ত খেলত ভাগ ল’ব। আনহাতে দিনৰ ১২ বাজি ৫০ মিনিটত মহিলা বেডমিণ্টন যুটীয়া শাখাত ভাৰতে চীনৰ শ্বাটলাৰৰ বিৰুদ্ধে খেল। খেলখনত ভাৰতৰ হৈ ভাগ ল’ব অশ্বিনি পোনাপ্পা আৰু তানিশা ক্ৰাষ্ট’ই।

আনহাতে ভাৰতীয় পুৰুষৰ হকীদল আজি আৰ্জেণ্টিনাৰ মুখামুখি হ’ব। পুল বিৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-২ গ’লৰ ব্যৱধানত জয়লাভ কৰি সুন্দৰ আৰম্ভণি কৰিছে ভাৰতীয় দলটোৱে। খেলখন ৪.১৫ বজাত হ’ব। পুৰুষৰ বেডমিণ্টনত গ্ৰুপ এলৰ এখন খেলত ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন বেলজিয়ামৰ শ্বাটলাৰৰ সন্মুখীন হ’ব। ভাৰতীয় পুৰুষৰ আৰ্চাৰী দলেও আজি কোৱাৰ্টাৰ ফাইলেন খেলিব। ভাৰতীয় সময় অনুসৰি সন্ধ্যা ৬ বাজি ৩১ মিনিটত খেলখন অনুষ্ঠিত হ’ব। আনহাতে দুপৰীয়া ১২ বাজি ৪৫ মিনিটত মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ কোৱালিয়াৰ খেলত ভাগ ল’ব ভাৰতীয় দলে।


একেদৰে শ্বুটিঙৰ মেনছ ট্ৰেপৰ দুপৰীয়া ১ বজাত হ’বলগীয়া খেলত ভাগ ল’ব ভাৰতীয় শ্বুটাৰ পৃথ্বীৰাজ টণ্ডাইমানে। আনহাতে টেনিছৰ পুৰুষৰ যুটীয়া খেলৰ প্ৰথম ৰাউণ্ডতে ভাৰতীয় দল ফ্ৰাঞ্চৰ বিৰুদ্ধে পৰাস্ত হয়। ৭-৫, ৬-২ পোনপটীয়ে ছেটত পৰাস্ত হোৱা ভাৰতীয় দলটোত আছিল ৰোহন বোপান্না আৰু এন শ্ৰী ৰাম বালাজী।

Post a Comment

Previous Post Next Post