প্ৰেমিকাক হত্যা কৰি প্ৰেমিকৰ চূড়ান্ত সিদ্ধান্ত নে ডাবল মাৰ্ডাৰ?


 

মঙলদৈৰ বৰআঠিয়াবাৰীত এগৰাকী যুৱতীৰ হত্যাকাণ্ড আৰু তাৰ পিছতে প্ৰেমিকৰ চূড়ান্ত সিদ্ধান্তৰ ঘটনাই অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱা ৭ বজাত বৰআঠিয়াবাৰী গাঁৱত পথৰ দাঁতিত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় কৃষ্ণামণি ডেকা নামৰ এগৰাকীয যুৱতীৰ মৃতদেহ। ৮ মান বজাত পৰিয়ালৰ লোকে চিনাক্ত কৰে কৃষ্ণামণি নাথৰ মৃতদেহ।

সোমবাৰে পুৱা ৯ বজাত ঘৰৰ পৰা নাৰিকলী মন্দিৰলৈ যাম বুলি ওলাই গৈছিল কৃষ্ণামণি। তাৰ পিছৰে পৰা নিখোঁজ হৈ আছিল যুৱতীগৰাকী। আজি পুৱা পথৰ দাঁতিত উদ্ধাৰ হয় মৃতদেহ।

প্ৰেমজনিত কাৰণত যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ মাতৃৰ। প্ৰেমিক চিণ্টু নাথে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কৃষ্ণামণিৰ মাতৃয়ে। মাতৃয়ে কোৱা অনুসৰি, প্ৰেমৰ সম্পৰ্ক হোৱাৰ দিন ধৰি চিণ্টুৱে অতিমাত্ৰা শাসনত ৰাখিছিল কৃষ্ণামণিক। ক’লৈ গৈছে, কি কৰিছে সকলোতে চিণ্টুৱে চকু ৰাখিছিল। কৃষ্ণাৰ মাতৃলৈ ফোন কৰি কৃষ্ণাৰ খবৰ লৈছিল চিণ্টুৱে। কিন্তু সদায় কৃষ্ণামণিৰ মাতৃলৈ ফোন কৰা চিণ্টুৱে সোমবাৰৰ পৰা এবাৰো খবৰ লোৱা নাছিল বা ফোন কৰা নাছিল। সেইবাবেই এই ঘটনাৰ সৈতে চিণ্টু জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে যুৱতীগৰাকীৰ মাতৃয়ে।কিন্তু ঘটনা অধিক ৰহস্যঘন হৈ পৰিল আজি বিয়লিৰ ভাগত। সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকাৰ সময়তে বিয়লি ২ বজাত ছিপাঝাৰৰ নিজ বাসগৃহৰ গাহৰি ফাৰ্মৰ ওচৰত গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰেমিক চিণ্টুৰ মৃতদেহ। চিণ্টু নাথৰ পৰিয়ালৰ দাবী, চিণ্টুৱে হত্যা কৰা নাই কৃষ্ণামণিক।

Post a Comment

Previous Post Next Post