পেৰিছ অলিম্পিকত মনু ভাকৰে ইতিহাস ৰচনা কৰিলে। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত মনুৰ দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰি একেখনব অলিম্পিকতে দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অভিলেখ ৰচিলে। মনু ভাকৰে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত সৰৱজ্যোৎ সিঙৰ সৈতে যুঁটি বান্ধিছিল। মনু আৰু সৰৱজ্যোতৰ হাতত পৰাস্ত দক্ষিণ কোৰিয়াৰ শ্বুটাৰ। দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল একক শাখাত মনুৱে প্ৰথমটো ব্ৰঞ্জ লাভ কৰিছিল। মনু-সৰৱজ্যোতৰ জয়ৰ পিছতে ভাৰতৰ দখলত দুটাকৈ ব্ৰঞ্জৰ পদক।
পেৰিছৰ ক্ৰীড়াংগনত ভাৰতৰ কেইবাগৰাকী ক্ৰীড়াবিদে তথা দলে আজি খেলত ভাগ লৈছে।মহিলা টেবুল টেনিছৰ একক শাখাৰ খেলৰ তৃতীয় ৰাউণ্ডত ভাৰতীয় পেডলাৰ মনিকা বাট্ৰাই ফ্ৰাঞ্চৰ পেডলাৰক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
আনহাতে পুৰুষৰ ৰয়িঙৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ বলৰাজ পানৱাৰে পঞ্চম স্থানতে থমকি প্ৰতিয়োগিতাৰ পৰৱতী পৰ্যায়ৰ পৰা বাদ পৰিছে। পুৰুষৰ হকী দলটো পুল বিৰ এখন মেচত আয়াৰলেণ্ডৰ মুখ্যমুখি হ’ব। ভাৰতীয় দলটোৱে সোমবাৰে আৰ্জেটিনাৰ বিৰুদ্ধে ১-১ গ’লৰে ড্ৰ খেলে। আনহাতে প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-২ ব্যৱধানৰ জয় লাভ কৰিছিল। ভাৰতীয় সময় অনুসৰি বিয়লি ৪ বাজি ৪৫ মিনিটৰ পৰা খেলখন খেলোৱা হ’ব। বেড মিণ্টনৰ গ্ৰুপ ‘চি’ৰ পুৰুষৰ যুটীয়া এখন খেলত ভাৰতে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় দলটোত আছে চিৰাগ ছেট্টি আৰু স্বাত্বিক ছাইৰাজ ৰাংকিৰেড্ডি। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ চাৰে পাঁচ বজাত আছে।একেদৰে মহিলাৰ বেডমিণ্টনৰ যুটীয়া খেলত ভাৰতে অষ্ট্ৰেলিয়াৰ শ্বাটলাৰৰ বিৰুদ্ধে খেলিব।
ভাৰতীয় মহিলা দলটোত আছে- অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰাষ্ট’। খেলখন ৬ বাজি২০ মিনিটত আৰম্ভ হ’ব। আৰ্চাৰী শাখাত আজি ভাৰতীয় আৰ্চাৰৰ বহুকেইখন খেল আছে। মহিলাৰ একক আৰ্চাৰীৰ এলিমিনেচনছ পৰ্যায়ত ভাৰতীয় আৰ্চাৰ অংকিতা ভক্তে পলেণ্ডৰ আৰ্চাৰৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি ৫.১৪ বজাত আছে। একেদৰে একেটা পৰ্যায়তে আন এগৰাকী মহিলা আৰ্চাৰ ভজন কৌৰে ইণ্ডোনেছিয়াৰ আৰ্চাৰৰ বিৰুদ্ধে খেলিব। একেটা পৰ্যায়ৰে পুৰুষৰ আৰ্চাৰীত ভাৰতৰ ধীৰাজ বোম্মাডেভাৰায়ে চেক গণৰাজ্যৰ আৰ্চাৰৰ বিৰুদ্ধে খেলিব।
Tags:
Sports