AIUDF দলৰ সভাপতি পদ এৰিলে বদৰুদ্দিন আজমলে। AIUDF দলৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে আজমলে। লোকসভা নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে সভাপতি পদৰ পৰা।
এইবাৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছিল বদৰুদ্দিন আজমলে। ধবুৰীৰ তিনিবাৰৰ সাংসদগৰাকীয়ে অভিলেখ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত।
নিৰ্বাচনী ফলাফলৰ পিছতে দলটোৰ পৰাজয় স্বীকাৰ কৰি লৈছিল বদৰুদ্দিন আজমলে। সংবাদ মাধ্যমৰ আগত আজমলে কৈছিল যে জনতাৰ ৰায়ক তেওঁলোকে মানি লৈছে। ভোট দিয়া আৰু নিদিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰকিবুল হুছেইনকো শুভেচ্ছা জ্ঞাপন কৰিছিল আজমলে।
পৰাজয় সন্দৰ্ভত আঝমলে কৈছিল যে এইক্ষেত্ৰত পৰ্যালোচনা কৰিব লাগিব। মূৰত তুলি লোৱা লোকসকলে কিয় ইমান কম ভোট দিলে সেয়া গৱেষণাৰ বিষয় বুলিও কৈছিল আজমলে।পৰাজয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আজমলে কৈছিল, ‘‘ইণ্ডি এলায়েন্সৰ বাবে মই এইবাৰ হাৰিলো। ৮০ শতাংশ সংখ্যালঘুৱে এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটক ভোট দিছে। এইবাৰৰ নিৰ্বাচন চুনামি আছিল, ইয়াত ৰকিবুল হুছেইনৰ কোনো কৃতিত্ব নাই।’’
লগতে আজমলে এআইইউডিএফৰ নেতৃত্বৰ সালসলনিৰ কথাও উল্লেখ কৰিছিল। এআইইউডিএফৰ কমিটীৰ সালসলনি হ’ব বুলি উল্লেখ কৰিছিল এআইইউডিএফৰ প্ৰধানগৰাকীয়ে। পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত এআইইউডিএফক দেখা যাব বুলিও কৈছিল ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকীয়ে।