লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে যোগী আদিত্যনাথ! বিধানসভাই গৃহীত কৰিলে অভিযুক্তৰ যাৱজ্জীৱন কাৰাদণ্ডৰ প্ৰস্তাৱ



 লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ৰাজ্যখনত বৰ্ধিত লাভ জেহাদৰ ঘটনা প্ৰতিহত কৰিবলৈ যোগী নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। মঙলবাৰে উত্তৰ প্ৰদেশ বিধানসভাই ‘ধৰ্মৰ বেআইনী ৰূপান্তৰ (সংশোধনী) বিধেয়ক, ২০২৪’ বিধেয়ক গৃহীত কৰে, য’ত উলংঘনকাৰীসকলৰ বাবে সৰ্বাধিক যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫ লাখ টকাৰ জৰিমনাৰ ব্যৱস্থা ৰখা হৈছে।


যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে সোমবাৰে লাভ জেহাদ সন্দৰ্ভত বিদ্যমান আইনসমূহৰ এক সংশোধনী উত্থাপন কৰে, যাৰ দ্বাৰা এই অপৰাধৰ অধীনত দোষী সাব্যস্ত হোৱা লোকসকলৰ বাবে আজীৱন কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে।

ইয়াৰ উপৰি বিধেয়কখনে কোনে লাভ জেহাদ গোচৰ কোনে দিব পাৰে তাৰ পৰিসৰো সম্প্ৰসাৰিত কৰে। পূৰ্বে কেৱল ভুক্তভোগী, তেওঁলোকৰ পিতৃ-মাতৃ বা ভাতৃ-ভগ্নীসকলেহে অভিযোগ দাখিল কৰিব পাৰিছিল। নতুন বিধেয়কৰ অধীনত যিকোনো লোকে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিব পাৰে, যাৰ ফলত ক্ষীপ্ৰতৰ হ’ব তদন্ত প্ৰক্ৰিয়াও।ইয়াৰ পূৰ্বে এগৰাকী মহিলাক প্ৰতাৰণা কৰি বিয়া কৰোৱা আৰু ধৰ্মান্তৰিত কৰাৰ বাবে দোষী সাব্যস্ত হোৱা লোকসকলৰ বাবে সৰ্বাধিক শাস্তি আছিল ৫০,০০০ টকাৰ জৰিমনাৰে ১০ বছৰৰ কাৰাদণ্ড।


এই আইনৰ সংশোধনীটোৱে লগতে প্ৰস্তাৱ দিছে যে এনে গোচৰৰ শুনানি সত্ৰ আদালতৰ তলৰ কোনো আদালতে নকৰিব আৰু ইয়াৰ লগতে চৰকাৰী অধিবক্তাক সুযোগ নিদিয়াকৈ জামিনৰ আবেদন বিবেচনা কৰা নহ’ব। লগতে, সংশোধিত আইনৰ অধীনত সকলো অপৰাধ জামিন অযোগ্য কৰা হৈছে।
উল্লেখযোগ্য যে ২০২০ চনৰ নৱেম্বৰত বলপূৰ্বক ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ বাবে উত্তৰ প্ৰদেশত এখন অধ্যাদেশ জাৰী কৰা হৈছিল আৰু পাছত উত্তৰ প্ৰদেশ বিধানসভাই বিধেয়কখন গৃহীত কৰাৰ পাছত উত্তৰ প্ৰদেশ ধৰ্ম ৰক্ষাৰকৰণ বেআইনী ৰূপান্তৰ আইন-২০২১ কাৰ্যকৰী হয়।

Post a Comment

Previous Post Next Post