শনিবাৰে উদ্ধাৰ হৈছিল ২০ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ। এটা ৰে’ল ষ্টেচনৰ সমীপৰ জোপোহাৰ মাজত উদ্ধাৰ হৈছিল যশশ্ৰীৰ মৃতদেহ। ধাৰণা কৰা হৈছিল যে যুৱতীগৰাকীৰ প্ৰেমিকে সংঘটিত কৰিছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Navi Mumbai murder)। আৰক্ষীয়ে যুৱকজনক বিচাৰি আৰম্ভ কৰিছিল অভিযান। আৰু মাৰাথন অভিযানৰ অন্তত গ্ৰেপ্তাৰ হয় যুৱকজন। আৰু আশংকা হ’ল সত্য প্ৰমাণিত। আৰক্ষীৰ সমুখত ধৃত যুৱকজনৰ অকপট স্বীকাৰোক্তি- ‘হয় ময়েই হত্যা কৰিছিলোঁ যশশ্ৰীক…’!
এই হত্যাকাণ্ডৰ মূল অভিযুক্ত দাউদ শ্বেখে তেওঁৰ অপৰাধ ইতিমধ্যে স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে মঙলবাৰে সদৰী কৰিছে। দাউদক সোমবাৰে এগৰাকী ২০ বছৰীয়া এগৰাকী যুৱতীৰ হত্যাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে (Mumbai Police) কয় যে যশশ্ৰীক হত্যা কৰাৰ পাছত শ্বেখ কৰ্ণাটকলৈ পলাই গৈছিল। হত্যাকাণ্ডটো সংঘটিত হৈছিল নৱী মুম্বাইত (Navi Mumbai)। হত্যাকাৰী শ্বেখক কৰ্ণাটকৰ গুলবাৰ্গা জিলাৰ শ্বাহপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।আৰক্ষীয়ে কয় যে ভুক্তভোগী আৰু অভিযুক্ত দাউদ দুয়োই ইজনে-সিজনৰ সংস্পৰ্শত আছিল।
নৱী মুম্বাইৰ এচিপি দীপক চাকোৰে কৈছিল যে দুয়োজনৰ মাজৰ সম্পৰ্কৰ বিষয়টো শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু সমগ্ৰ ঘটনাটোৰ তদন্ত চলি আছে। আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি দাউদে যশশ্ৰীক লগ কৰিবলৈ ফোন কৰিছিল আৰু যুৱতীগৰাকীক তেৱেঁই হত্যা কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মুখ্যতঃ ছুৰীকাঘাতত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি চাকোৰে সদৰী কৰে। তেওঁ লগতে কয় যে হত্যাৰ কাৰণ স্পষ্ট নহয়।