পাখি মিঞাসহ ৪ জনক দোষমুক্ত ঘোষণা কামৰূপ মহানগৰ ১ নং অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ


 

পাখি মিঞাসহ ৪ জনক দোষমুক্ত ঘোষণা কামৰূপ ১ নং অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ। তথ্য প্ৰমাণ দাখিলত ব্যৰ্থ ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (Directorate of Revenue Intelligence)। ছামচুল হক তালুকদাৰ ওৰফে পাখি মিঞা, হাইদৰ আলী, সুৰেন দত্ত আৰু আলি আহমেদক দোষমুক্ত ঘোষণা ১ নং অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ।


উল্লেখযোগ্য যে, ২০০৪ চনত ৬০৯২ কিলোগ্ৰাম গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছিল চাৰিও। এখন তেলৰ টেংকাৰত কৌশলেৰে আনিছিল গাঞ্জাখিনি। সোণাপুৰত ট্ৰাকখন জব্দ কৰিছিল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে। চালক সুৰেন দত্তৰ জেৰাৰ অন্তত স্বীকাৰোক্তিৰ ভিত্তিত পাখি মিঞাসহ পুত্ৰ হাইদৰ আৰু আলী আহমেদক গ্ৰেপ্তাৰ কৰিছিল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে। সুদীৰ্ঘ ২০ বছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত দোষমুক্ত পাখিমিঞাসহ আন ৩ জনক। আদালতৰ ৰায়দানত স্পষ্ট উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে।

Post a Comment

Previous Post Next Post