অতিমাত্ৰা সন্দেহেই কাল হ’ল নেকি! চাৰি বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছতো কৃষ্ণাক বিশ্বাসত লোৱা নাছিল প্ৰেমিক চিণ্টুৱে

 


মঙলদৈৰ কৃষ্ণামণি ডেকা হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। আৰক্ষীয়ে প্ৰাথমিক তদন্তত প্ৰেমিক চিণ্টুমণি নাথেই কৃষ্ণামণিক হত্যা কৰাৰ তথ্য লাভ কৰিছে। দৰং আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে মঙলদৈৰ নিকটৱৰ্তী বকাবাঙিপাৰাত থকা বায়েকৰ ঘৰলৈ আনি হত্যা কৰে কৃষ্ণামণিক।

দৰং আৰক্ষীয়ে চিণ্টুমণি নাথ আৰু কৃষ্ণামণি ডেকাৰ ফোন ৰেকৰ্ডিং আৰু এগৰাকী যুৱকৰ ফোন ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি সকলো তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে। দৰং আৰক্ষী অধীক্ষকৰ ভাষ্য অনুসৰি, চিণ্টু নাথে কৃষ্ণামণিক বাইকেৰে পকাবাঙিপাৰাৰ বায়েকৰ ঘৰলৈ আনি দিনৰ ভাগতেই হত্যা কৰিছিল। চিণ্টুমণি নাথে কৃষ্ণাক হত্যা কৰা স্থানত নাৰিকলি মন্দিৰৰ প্ৰসাদ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰাৰ উপৰি আন কিছু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে।

ইফালে, সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰিছে কৃষ্ণামণিৰ মাতৃয়ে। মাতৃয়ে উল্লেখ কৰে যে চিণ্টু নাথে প্ৰায়ে প্ৰাণে মৰাৰ ভাবুকি দিছিল কৃষ্ণামণিক। অতিমাত্ৰা শাসনত ৰাখিছিল কৃষ্ণাক। কৃষ্ণামণিক চিণ্টুলৈ বিয়া দাম বুলি ঘৰৰ পৰা কথা দিয়াৰ পিছতো বিশ্বাসত লোৱা নাছিল প্ৰেমিক চিণ্টুৱে। ক’লৈকো যাবলৈ দিয়া নাছিল কৃষ্ণামণিক। আনকি বন্ধু-বান্ধৱীৰ সৈতেও ওলাই যাবলৈ দিয়া নাছিল। প্ৰতি মুহূৰ্ততে ফোন কৰি খবৰ ৰাখিছিল।

কৃষ্ণাৰ মাতৃয়ে জনোৱা অনুসৰি, পিতৃক লগৰীয়াৰ সৈতে মন্দিৰলৈ যাম বুলি কৈ ওলাই গৈছিল কৃষ্ণামণি। সন্ধিয়া কামৰ পৰা উভতি আহি মাতৃয়ে ফোন কৰিছিল কৃষ্ণাক। ফোনটো ৰিং হৈছিল যদিও ৰিচিভ কৰা নাছিল। তাৰ পিছত চিণ্টুক ফোন কৰাত গালি-গালাজহে কৰিছিল চিণ্টুৱে। আৰু পিছদিনা পুৱা উদ্ধাৰ হৈছিল কৃষ্ণাৰ মৃতদেহ।

পিতৃক কৈ সমনীয়াৰ সৈতে মন্দিৰলৈ যাম বুিল কৈছিল কৃষ্ণাই। মাতৃ সন্ধিয়া কামৰ পৰা উভতি আহি ফোন কৰিছিল। ফোনটো ৰিং হৈছিল যদিও ৰিচিভ কৰা নাছিল। অত্যন্ত সন্দেহ কৰিছিল চিণ্টুৱে। ঘটনাৰ দিনা ফোন কৰা নাছিল চিণ্টুৱে। মাতৃয়ে কয়, চিণ্টুৱে অত্যন্ত সন্দেহ কৰিছিল কৃষ্ণাক। আনদিনা ঘনাই ফোন কৰি খবৰ ৰখা চিণ্টুৱে কিন্তু ঘটনাৰ দিনা ফোন কৰা নাছিল।

উল্লেখযোগ্য যে মঙলবাৰে পুৱা মঙলদৈৰ বৰ আঠিয়াবাৰীত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণামণি ডেকাৰ মৃতদেহ। কৃষ্ণামণি ডেকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। সোমবাৰৰ পৰা নিখোজ হৈ আছিল কৃষ্ণামণি ডেকাৰ। সোমবাৰে পুৱা ৯.৩০ বজাতে ঘৰৰ পৰা ওলাই গৈছিল কৃষ্ণামণি। বান্ধৱীৰ সৈতে ছিপাঝাৰৰ নাৰিকলি মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণামণি ডেকা। কিন্তু মঙলবাৰে পুৱা ঘৰৰ ওচৰত মৃত অৱস্থাত উদ্ধাৰ হয় কৃষ্ণামণি ডেকা।

Post a Comment

Previous Post Next Post