অসুস্থ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, ২৪ ঘণ্টা ধৰি চিকিৎসালয়তে সুৰৰ সাগৰ জুবিন গাৰ্গ


 

তেওঁ সুৰৰ সাগৰ, তেওঁ সুৰৰ যাদুকৰ! কিন্তু এতিয়া তেওঁ অসুস্থ। প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসুস্থ। দেওবাৰে পুৱা ১০ বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল সুৰ সম্ৰাট জুবিন গাৰ্গক। দেওবাৰে পুৱা ৯ বাজি ১০ মিনিটত ছিজাৰ এটেক (Seizure Attack) অহাৰ পিছতে ততাতৈয়াকৈ মহানগৰীৰ ভঙাগড়ত থকা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গক। দেওবাৰৰ বাবে বিগত ২৪ ঘণ্টা ধৰি নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকী নিৰবিচিন্নভাৱে চিকিৎসা চলাই আছে।

শেহতীয়া খবৰ অনুসৰি বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। বৰ্তমান নেমেকেয়াৰ হাস্পতালৰ ছেমি ICUত আছে অসমীয়া সংগীতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গক। জানিব পৰা অনুসৰি আজি শিল্পীগৰাকীক কেবিনলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান শিল্পীগৰাকীৰ সৈতে পত্নী গৰিমা গাৰ্গ হাস্পতালত আছে।

দেওবাৰে জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে নেমকেয়াৰ হাস্পতালৰ ডাঃ হীতেশ হৰুৱাই জনাইছিল যে “জুবিনৰ বৰ্তমান শাৰীৰিক অৱস্থা খুবেই সুস্থিৰ। কিন্তু জুবিনক কিছু জিৰণিৰ প্ৰয়োজন হ’ব। গুণমুগ্ধৰ ভিৰৰ বাবেহে ICUত ৰাখিব লগা হৈছে। এতিয়া কোনো ধৰণৰ অসুবিধা নাই। সোমবাৰে সকলো স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্টসমূহ আহিব। তাৰপাছত সিদ্ধান্ত লোৱা হ’ব কিমান দিন হাস্পতালত ৰাখিব লাগিব। জুবিন গাৰ্গক বৰ্তমান চিকিৎসকৰ এটা দলে অহৰ্নিশে নিৰীক্ষণ কৰি আছে।”

উল্লেখ্য যে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল জুবিন গাৰ্গক। ২০২৩ৰ নৱেম্বৰ মাহত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ ICUত ভৰ্তি কৰা হৈছিল। ইয়াৰ পূৰ্বেও স্বাস্থ্যজনিক সমস্যাৰ বাবে জুবিন আয়ুৰচন্দ্ৰা, হেল্থ চিটী, নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল।

Post a Comment

Previous Post Next Post