আশীৰ ওপৰত বয়স। ভগ্ন স্বাস্থ্য। তদুপৰি সাম্প্ৰতিক মাৰ্কিন ইতিহাসৰ আটাইতকৈ কম জনপ্ৰিয় ৰাষ্ট্ৰপতি। আনকি, চাপ আছিল দলৰ ভিতৰতো। সকলো মিলাই আগন্তুক নৱেম্বৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যে বৰ্তমানৰ ডেম’ক্ৰেট ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা নকৰে সেয়া একপ্ৰকাৰ নিশ্চিত আছিল। কেৱল ঘোষণা কৰা হ’ল দেওবাৰে। জো বাইডেনে ডেম’ক্ৰেটিক পাৰ্টীৰ সমৰ্থকসকলক উদ্দেশ্যি জনাই দিলে, আগন্তুক নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে, বৰং ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ বাকী সময়খিনি দায়িত্ব পালনৰ দিশত বিশেষ নজৰ দিব বিচাৰে।
এইপৰ্যন্ত ঠিকেই আছিল। কিন্তু, বিদায় জনোৱাৰ পূৰ্বে তেওঁ জনতাক জনাই দিলে তেওঁৰ পছন্দৰ পৰৱৰ্তী উত্তৰসুৰীৰ নামো। তেওঁ হ’ল আমেৰিকাৰ বৰ্তমান উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ। ড’নাল্ড ট্ৰাম্পৰ দৰে ৰিপাব্লিকান প্ৰাৰ্থীৰ সৈতে সন্মুখ সমৰত নমাৰ বাবে কমলা হেৰিছৰ নেতৃত্বতে ডেম’ক্ৰেটিক পাৰ্টীৰ সমৰ্থকসকলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনালে বাইডেনে। তেওঁ কয়, ‘‘২০২০ চনত যেতিয়া মই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিলো, তেতিয়াই মই উপ-ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছক বাছনি কৰিছিলো। মোৰ ধাৰণা হয়, এয়াই মই লোৱা আটাইতকৈ ভাল সিদ্ধান্ত। আজি এই বছৰৰ প্ৰাৰ্থী হিচাপে মই কমলাক মোৰ পূৰ্ণ সমৰ্থন জনাব বিচাৰো।’’
২০২৪ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট প্ৰাৰ্থী হিচাপে যে কমলা হেৰিছৰ নাম আহিব, সেয়া একপ্ৰকাৰ জ্ঞাত আছিল সকলোৰে। ট্ৰাম্প কেম্পে সেয়া বুজি নানা ইছ্যুত হেৰিছৰ বিৰুদ্ধে প্ৰচাৰো আৰম্ভ কৰি দিছিল ইতিমধ্যে। কিন্তু ইয়াৰ মাজতে বাইডেনে পোনে পোনে কমলা হেৰিছক সমৰ্থন কৰাত দলৰ ভিতৰত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাৰ দৌৰত ফ্ৰণ্টফুটত কমলা হেৰিছ।
কিন্তু ভাৰতীয় বংশোদ্ভূত কমলাৰ বাবে দলৰ ভিতৰৰ যুঁজ খুব এটা সহজ নহ’ব। কাৰণ, তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে সন্মুখলৈ আহিব প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিছেল ওবামা। উল্লেখযোগ্য যে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট প্ৰাৰ্থী কোন হ’ব, সেয়া নিৰ্বাচন কৰাৰ বাবে দলীয় স্তৰতো এক নিৰ্বাচন অনুষ্ঠিত হ’ব। এয়াই নিয়ম। আগন্তুক ১৯ আগষ্টত চিকাগোত দ্য ডেম’ক্ৰেটিক নেচনেল কমিটী কনভেনচন আৰম্ভ হোৱাৰ কথা।
জো বাইডেনৰ হোৱাইট হাউছৰ দৌৰত নথকাৰ সিদ্ধান্তৰ প্ৰশংসা কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই। কিন্তু কমলা হেৰিছৰ প্ৰাৰ্থী হোৱাৰ বিষয়ত কোনো মন্তব্য কৰা দেখা যোৱা নাই তেওঁক। জো বাইডেনে কমলা হেৰিছৰ নাম উল্লেখ কৰাৰ লগে লগে ইণ্টাৰনেটত ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰিছে মিচেল ওবামা।
আমেৰিকাৰ বিভিন্ন জনসমীক্ষাই কৈছে, অধিকসংখ্যক ডে’মক্ৰেট সমৰ্থকে বিচাৰিছে ট্ৰাম্পৰ বিৰুদ্ধে হোৱাইট হাউছৰ দৌৰত যোগ্য প্ৰাৰ্থী হ’ব পাৰে একমাত্ৰ মিচেল ওবামাই। কমলা হেৰিছ নহয়। সম্প্ৰতি ‘ন’বেল প্ৰেডিক্টিভ ইনছাইছ’য়ে কৰা এক সমীক্ষাত দেখা গৈছে, ২৪ শতাংশ ডেম’ক্ৰেটৰ সমৰ্থকে মিচেলক তেওঁলোকৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে। আনহাতে, মাত্ৰ ৭ শতাংশ ডেম’ক্ৰেটৰ সমৰ্থন পাই সমীক্ষাৰ নিৰিখত সপ্তম স্থানত আছে কমলা।