বিবাহঃ জনম-জনমলৈ বুলি একেলগে থকা প্ৰতিশ্ৰুতিৰে এক হোৱা দুটি মন। মাত্ৰ ৬ দিন পূৰ্বে জনম-জনম একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে এক হৈছিল ৰতন আৰু মাম্পী। কিন্তু সোমবাৰে সংঘটিত হ’ল কোনেও কেতিয়াও কল্পনা নকৰা এক কৰুণ ঘটনা।
কৰিমগঞ্জৰ বদৰপুৰত সংঘটিত হৈছে চাঞ্চলকৰ ঘটনা। ঘটনা অনুসৰি বিবাহৰ ৬ দিন পিছতে পত্নীক হত্যা কৰি চৰম সিদ্ধান্ত ল’লে স্বামীয়ে। বদৰপুৰ চহৰৰ কালাইৰবন্দ এলেকাত সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোৰ ৰাইজে সন্দেহ অনুযায়ী স্বামী ৰতন পালে প্ৰথমে পত্নীক মাম্পী পলাক হত্যা কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে।
পুৱাৰ ভাগত বৃদ্ধা মাতৃয়ে প্ৰথমে প্ৰত্যক্ষ কৰে ৰতন পাল আৰু মাম্পী পলাৰ মৃতদেহ। দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত সৃষ্টি হয় হুলুস্থুলীয়া পৰিৱেশ। অৱশ্যে এতিয়াও সমগ্ৰ ঘটনা ৰহস্য ভেদ হোৱা নাই। আৰক্ষীৰ অধিক তদন্ত অন্তত হে আঁৰ কাপোৰ আঁতৰিব ৰহস্যঘন ঘটনাৰ।