প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কি কি বিষয়ক লৈ আলোচনা কৰিলে প্ৰধানমন্ত্ৰীৰ সৈতে?



 সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বানৰ সময়ত অসমবাসীয়ে সন্মুখীন হোৱা সংকট দূৰীকৰণৰ বাবে অসম চৰকাৰে চলোৱা বিভিন্ন প্রচেষ্টাৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ আশিস আৰু মার্গদর্শন লাভৰ উদ্দেশ্যৰে এক সাক্ষাতত মিলিত হৈ ধন্য হ’লোঁ। আমাৰ বৈঠকত মই তেখেতক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰোঁ আৰু আমাৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেখেতৰ আগত উল্লেখ কৰোঁ। তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলিত উন্নয়নমূলক কামসমূহৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হয়।

উল্লেখযোগ্য যে আজিৰ সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাইজৰ হৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰা কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অসমৰ জনসাধাৰণৰ হৈ মাননীয় মোদী ডাঙৰীয়াক ঐতিহাসিক তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ বাবে আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

Post a Comment

Previous Post Next Post