আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। বৰ্ষাকালীন অধিৱেশনৰ পহিলা দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী পক্ষক সমালোচনা কৰি সংসদৰ পূৰ্বৰ অধিৱেশনৰ সময়ত আঢ়ৈ ঘণ্টাধৰি তেওঁৰ কণ্ঠৰোধ কৰিব খোজা বিৰোধীৰ প্ৰচেষ্টাক গৰিহণা দিয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এনে কাৰ্যই গণতান্ত্ৰিক নীতিৰ বিৰোধিতা কৰে আৰু গণতান্ত্ৰিক পৰম্পৰাত ইয়াৰ কোনো স্থান নাই। ১৪০ কোটি ভাৰতীয়ই সেৱা আগবঢ়োৱাৰ নিৰ্দেশ দিয়া চৰকাৰৰ কণ্ঠ ৰোধ কৰিবলৈ এক অগণতান্ত্ৰিক প্ৰয়াস কৰা হৈছিল। দেশৰ ঐতিহ্য়শালী গণতান্ত্ৰিক পৰম্পৰাত এনেধৰণৰ বিষয়ৰ কোনো স্থান নাই। ইয়াৰ বাবে তেওঁলোকৰ কোনো অনুশোচনা নাই।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্যত পূৰ্বৰ অধিৱেশনৰ কথা উল্লেখ কৰা দেখা গৈছিল, য’ত তেওঁ বিৰোধীৰ তীব্ৰ প্ৰতিবাদ আৰু শ্ল’গানৰ মাজতে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্কৰ সঁহাৰি দিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, সংসদ ‘দেশ’ৰ বাবে, ‘দল’ৰ নহয়।
সংসদ ‘দেশ’ৰ বাবে বুলি দাবী কৰি মোদীয়ে কিছুমান দলক নেতিবাচক ৰাজনীতিত লিপ্ত হোৱা আৰু তেওঁলোকৰ ৰাজনৈতিক ত্ৰুটিবোৰ লুকুৱাবলৈ সংসদীয় কাৰ্যক্ৰমৰ অপব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰে। তেওঁ কয়, মানুহে আমাক দেশৰ বাবে ইয়ালৈ পঠিয়াইছে, দলৰ বাবে নহয়। এই সংসদ সাংসদসকলৰ মাজতে সীমাবদ্ধ নহয়, কিন্তু সংসদ দেশৰ ১৪০ কোটি লোকৰ বাবে।
মঙলবাৰে কেন্দ্ৰীয় বাজেট উত্থাপনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী পাঁচ বছৰৰ ৰূপৰেখা অংকন কৰা আৰু ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ভিত্তি স্থাপনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদে সংসদৰ আলোচনাত সক্ৰিয়ভাৱে অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে। যদিও ভিন্ন দৃষ্টিভংগী গ্ৰহণযোগ্য, তথাপি নেতিবাচক মনোভাব ৰাষ্ট্ৰৰ বাবে গঠনমূলক নহয় বুলিও তেওঁ উল্লেখ কৰে। মোডীয়ে দৃঢ়তাৰে কয়, আমি উন্নয়ন আৰু প্ৰগতিৰ আদৰ্শৰে দেশক আগুৱাই নিব লাগিব।